মাজুলীৰ চৰাইচোঙত পক্ষী সন্দৰ্ভত অধ্যয়ন আৰু গৱেষণাৰ বাবে এটা পক্ষী গবেষণা কেন্দ্র স্থাপন কৰা হ’ব। স্বেচ্ছাসেৱী সংগঠন মাজুলীৰ সাহিত্যৰ উদ্যোগত চাৰিদিনীয়া কার্যসূচীৰে অনুষ্ঠিত চৰাইচোং মহোৎসৱৰ সামৰণি অনুষ্ঠানত কালি সংগঠনটোৰ কর্তৃপক্ষই এই বিষয়ে প্রকাশ কৰে। ৩৯০ বছৰীয়া ইতিহাস সমৃদ্ধ এই চৰাইচোঙত ১৬৩৩ খ্রীষ্টাব্দত স্বৰ্গদেউ প্রতাপ সিংহই চৰাইচোং আৱিষ্কাৰ কৰি বাঙলী বাহৰ পাতি চৰাইৰ যুঁজ উপভোগ কৰিছিল। এই ইতিহাসত পুনৰুজ্জীৱিত কৰাৰ বাবে পৰিভ্ৰমী পক্ষীৰ আগমনস্থলী চৰাইচোঙক কেন্দ্র কৰি এই উৎসৱ উদযাপন কৰি অহা হৈছে। কালি উৎসৱৰ মুখ্য আকর্ষণ চৰাইচোং বঁটা বিশিষ্ট বিজ্ঞানী ড° প্রবাল শইকীয়াক প্রদান কৰা হয়। তদুপৰি পৰিমিতা দাস সোঁৱৰণী শিক্ষাগুক বঁটা তেজপুৰ বিশ্ববিদ্যালয়ব ড° ৰবীন কুমাৰ দত্তক আৰু দেহিৰাম বৰা, সৰু ছোৱালী বৰা সোঁৱৰণী বঁটা জিতেন দোলাকাষৰীয়াক প্রদান কৰা হয়। এই অনুষ্ঠানতে মাজুলীব সাহিত্যৰ সভাপতি কমল দত্তই চৰাইচোঙক পর্যটন প্রকল্প হিচাপে গঢ়ি তোলাৰ বাবে মাজুলীৰ ৰবীন খাউণ্ডৰ পৰিয়ালে দুকঠা ভূমি দান কৰা বুলি প্রকাশ কৰে।
Site Admin | December 11, 2025 12:24 PM | Majuli
চৰাইচোঙত পক্ষী সন্দৰ্ভত অধ্যয়ন আৰু গৱেষণাৰ বাবে এটা পক্ষী গৱেষণা কেন্দ্র স্থাপন