ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 30, 2025 7:02 PM | Mahakumbh 2025

printer

মহাকুম্ভ মেলাত অমৃত স্নানত অংশ ল’বলৈ যোৱা তিনিচুকীয়া জিলাৰ দুগৰাকী মহিলা সন্ধানহীন

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত অমৃত স্নানত অংশ লবলৈ যোৱা তিনিচুকীয়া জিলাৰ দুগৰাকী মহিলা সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত তিনিচুকীয়া আৰক্ষী আৰু অসম আৰক্ষীয়ে উত্তৰ প্ৰদেশ আৰক্ষীৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে কালি মেলাথলীত পদপিষ্ট হৈ অসমৰ এগৰাকী ব্যক্তিৰ লগতে ৩০ গৰাকীৰো অধিক ব্যক্তি নিহত হৈছিল। মহাকুম্ভ মেলাৰ মৌনী অমাৱস্যাৰ নিশা গংগাৰ ত্ৰিবেণী সংগমস্থলীত পূণ্যস্নান কৰিবলৈ গৈ পদপিষ্ট হৈ প্ৰাণ হেৰুওৱা হাইলাকান্দি নীতি ৰঞ্জন পাল পেচাত এগৰাকী ব্যৱসায়ী আছিল। মেলাথলীত পদপিষ্ট হৈ আহত পালক সংকটজনক অৱস্থাত উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। অসম চৰকাৰে পালৰ পৰিয়াললৈ সমবেদনা জনাইছে আৰু ৫ লাখ টকাৰ আৰ্থিক ক্ষতিপূৰণ দিয়াৰো আশ্বাস দিছে।

ইপিনে, কুম্ভ মেলাত অহা ৪ ফেব্ৰুৱাৰী পৰ্যন্ত বাহনৰ চলাচল শূন্য কৰি ৰখাৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে সিদ্ধান্ত লৈছে। ভক্তসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহনসমূহহে মেলালৈ চলাচলৰ অনুমতি দিয়া হব । মহাকুম্ভ মেলাত সংঘটিত এই শোকাৱহ দুৰ্ঘটনাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্রকাশ কৰিছে।