February 12, 2025 4:48 PM

views 50

মহাকুম্ভ মেলাত মাঘি পূৰ্ণিমাৰ স্নান সুকলমে অব্যাহত আছে

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত মাঘি পূৰ্ণিমাৰ স্নান সুকলমে চলি আছে। কল্পবাসৰ প্ৰথাৰ সামৰণি প্ৰতীকস্বৰূপ এই স্নানৰ বিশেষ গুৰুত্ব আছে। চলিত বৰ্ষত কল্পবাস সম্পূৰ্ণ কৰা ১০ লাখৰো অধিক লোকে এই স্নানত ভাগ ল'ব। ধৰ্মীয় বিশ্বাস অনুসৰি ত্ৰিবেণী সংগমৰ পাৰত মাঘি পূর্ণিমালেকে মহাকুম্ভৰ সময়ত কল্পবাস খাতিলে হেজাৰ হেজাৰ বছৰৰ তপস্যাৰ ফল পোৱা যায়।

February 10, 2025 8:59 PM

views 35

মহাকুম্ভৰ তীর্থযাত্ৰীসকলৰ সুবিধাৰ বাবে আজি ২০ খন ৰে’ল চলাচল কৰোৱা হৈছে

উত্তৰ ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া হিমাংশু শেখৰে কৈছে যে, প্রয়াগৰাজৰ মহাকুম্ভৰ তীর্থযাত্ৰীসকলৰ সুবিধাৰ বাবে আজি ২০ খন ৰে’ল চলাচল কৰাইছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত শ্রীশেখে কয়, যে প্ৰয়াগৰাজৰ ৮ টা ষ্টেছনৰ পৰা কালি যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ৩০০ ৰো অধিক ৰে’ল চলাচল কৰোৱা হয়।

February 10, 2025 5:01 PM

views 50

মহাকুম্ভ মেলাত ৰাষ্ট্ৰপতি মুৰ্মুৰ পূজা-অৰ্চনা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত উপস্থিত হৈ গংগা, যমুনা আৰু সৰস্বতীৰ ত্ৰিবেণী সংগমত পৱিত্ৰ স্নান কৰি পূজা-অৰ্চনা আগবঢ়ায়। ৰাষ্ট্ৰপতিগৰাকী নাৱেৰে ত্রিবেণী সংগমত উপস্থিত হয়। শ্ৰীমতী মুৰ্মুৱে প্ৰয়াগৰাজৰ অক্ষয়া আৰু বড়ে হনুমান মন্দিৰতো পূজা-অৰ্চনা আগবঢ়ায়। তেওঁ লগতে ডিজিটেল মহাকুম্ভ কেন্দ্ৰত আধুনিক প্ৰযুক্তিৰ আলমত মহাকুম্ভৰ সকলো দিশৰ বুজ ল'ব। এই সময়ছোৱাত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে ৰাষ্ট্ৰপতিক সংগ দিয়ে। ইপিনে, মহাকুম্ভ মেলাত দর্শনাৰ্থী...

February 7, 2025 6:24 PM

views 28

মহাকুম্ভত কেন্দ্রীয় সাংস্কৃতিক মন্ত্রালয়ৰ বর্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন

কেন্দ্রীয় সাংস্কৃতিক মন্ত্রালয়ে আজি সন্ধিয়া প্ৰয়াগৰাজৰ মহাকুম্ভত এটা বর্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে। দেশৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট শিল্পীসকলে এই অনুষ্ঠানত গীত-নৃত্য আৰু বিভিন্ন কলা পৰিবেশন কৰিব। ওডিচি নৃত্য শিল্পী চ'নাল মানসিং আৰু ডনা গাংগুলী, বিশিষ্ট গায়ক হৰিহৰণ, সুৰেশ ৱাডকাৰ, কবিতা কৃষ্ণমূৰ্তীকে ধৰি প্ৰসিদ্ধ শিল্পীসকলে অনুষ্ঠান পৰিবেশন কৰিব। এইবাৰৰ মহাকুম্ভ কেৱল ভক্তি আৰু বিশ্বাসৰ মহোৎসৱেই নহয় বৰং ভাৰতীয় সাহিত্য আৰু সংস্কৃতিৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চ হিচাপেও বিবেচিত হৈছে। গংগা প...

January 30, 2025 7:02 PM

views 47

মহাকুম্ভ মেলাত অমৃত স্নানত অংশ ল’বলৈ যোৱা তিনিচুকীয়া জিলাৰ দুগৰাকী মহিলা সন্ধানহীন

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত অমৃত স্নানত অংশ ল'বলৈ যোৱা তিনিচুকীয়া জিলাৰ দুগৰাকী মহিলা সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত তিনিচুকীয়া আৰক্ষী আৰু অসম আৰক্ষীয়ে উত্তৰ প্ৰদেশ আৰক্ষীৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে কালি মেলাথলীত পদপিষ্ট হৈ অসমৰ এগৰাকী ব্যক্তিৰ লগতে ৩০ গৰাকীৰো অধিক ব্যক্তি নিহত হৈছিল। মহাকুম্ভ মেলাৰ মৌনী অমাৱস্যাৰ নিশা গংগাৰ ত্ৰিবেণী সংগমস্থলীত পূণ্যস্নান কৰিবলৈ গৈ পদপিষ্ট হৈ প্ৰাণ হেৰুওৱা হাইলাকান্দি নীতি ৰঞ্জন পাল পেচাত এগৰাকী ব্যৱসা...

January 30, 2025 10:44 AM

views 37

মহাকুম্ভ মেলাত পদপিষ্ট হৈ প্ৰায় ৩০ জন ভক্তৰ মৃত্যু

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত পদপিষ্ট হৈ কালি অসমৰ হাইলাকান্দিৰ ব্যৱসায়ী নীতিৰঞ্জন পাল সহ কমেও ৩০ ভক্তই প্ৰাণ হেৰুৱায়। প্ৰয়াগৰাজৰ আৰক্ষীয়ে মহাকুম্ভ মেলাৰ মৌনী অমাৱস্যাৰ নিশা গংগাৰ ত্ৰিবেণী সংগমস্থলীত পূণ্যস্নান কৰিবলৈ গৈ পদপিষ্ট আহত নীতি ৰঞ্জন পালক চিকিৎ‍সালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ৬৪ বছৰীয়া নীতি ৰঞ্জন পাল তেওঁ পত্নীৰ সৈতে প্ৰয়াগৰাজলৈ গৈছিল। অসম চৰকাৰে পালৰ পৰিয়াললৈ সমবেদনা জনাইছে আৰু ৫ লাখ টকাৰ আৰ্থিক ক্ষতিপূৰণ দিয়াৰো আশ্বাস দিছে। ইপিনে মৃত নীতি ...

January 27, 2025 2:20 PM

views 39

মহাকুম্ভ মেলাত মহিলা সবলীকৰণৰ উদ্দেশ্যে কেইবাটাও পেভেলিয়ন স্থাপন

প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভ মেলা মহিলা সবলীকৰণৰ মঞ্চ হৈ পৰিছে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি বিভিন্ন সংস্থা আৰু স্বেচ্ছাসেৱী অনুষ্ঠানে মহিলাসকলৰ বাবে মঞ্চ আগবঢ়াইছে। মহিলা সবলীকৰণৰ উদ্দেশ্যে কুম্ভমেলাত মহিলাসকলৰ অধিকাৰৰ হকে কেইবাটাও পেভেলিয়ন স্থাপন কৰা হৈছে। ৰাষ্ট্ৰীয় মহিলা আয়োগে মহিলাসকলৰ অধিকাৰ সাব্যস্ত কৰিব পৰা আইন সম্বন্ধীয় সজাগতা সৃষ্টিৰ উদ্দেশ্যে এটা পেভেলিয়ন স্থাপন কৰিছে। এই কুম্ভমেলাতে স্থানীয় আৰু গ্ৰামাঞ্চলৰ পৰা অহা মহিলাসকলে পৰাম্পৰাগত হস্তনির্মিত বস্ত্ৰ, শিল্প আৰু জৈৱিক সামগ্ৰী...

January 27, 2025 2:08 PM

views 33

আজিৰে পৰা মহাকুম্ভ এলেকা যান-বাহন মুক্ত অঞ্চলৰূপে ঘোষণা

উত্তৰ প্ৰদেশ চৰকাৰে প্ৰয়াগৰাজৰ সমগ্ৰ মহাকুম্ভ এলেকা আজিৰে পৰা যান-বাহন মুক্ত অঞ্চলৰূপে ঘোষণা কৰিছে। অহা ২৯ জানুৱাৰীত হ'বলগীয়া মৌনি অমাৱস্যা উপলক্ষে সাম্ভাব্য জনসমাগম নিয়ন্ত্ৰণ কৰাৰ লগতে সু-পৰিচালনা নিশ্চিত কৰাৰ উদ্দেশ্যে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। সংহত নিয়ন্ত্ৰণ আৰু নিৰ্দেশ কেন্দ্ৰই পৰিস্থিতি নিৰীক্ষণ কৰিব যাতে অঞ্চলটোত অতিৰিক্ত জনসমাগম নহয়। যিকোনো জৰুৰীকালীন পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দ্রুত সঁহাৰি দলকো নিয়োজিত কৰা হ'ব।

January 24, 2025 12:42 PM

views 38

প্ৰয়াগৰাজলৈ প্ৰতিদিনে ভালেসংখ্যক ভক্ত আৰু তীর্থযাত্ৰীৰ আগমন

মহাকুম্ভত ভাগ লোৱাৰ বাবে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজলৈ প্ৰতিদিনে ভালেসংখ্যক ভক্ত আৰু তীর্থযাত্ৰীৰ আগমন ঘটিছে। এইবাৰৰ মহাকুম্ভত এতিয়ালৈকে ত্রিবেণী সংগমত ১০ কোটি ২১ লাখৰো অধিক ভক্তই পৱিত্ৰ স্নান সম্পন্ন কৰিছে। ২৬ ফেব্ৰুৱাৰীত মহাকুম্ভ মেলাৰ সামৰণি পৰিব। উল্লেখযোগ্য যে ১৩ জানুৱাৰীত ৪৫ দিনীয়া এই মেলা আৰম্ভ হৈছিল।

January 18, 2025 7:23 PM

views 37

জনার্দন দেৱগোস্বামীৰ নেতৃত্বত মহাকুম্ভলৈ ভকত-বৈষ্ণৱৰ দল ৰাওনা

মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনার্দন দেৱগোস্বামীৰ নেতৃত্বত ৪০ জনীয়া ভকত-বৈষ্ণৱৰ এটা দল আজি প্রয়াগৰাজৰ মহাকুম্ভ মেলালৈ ৰাওনা হৈছে। এই উপলক্ষ্যে আজি পুৱা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা উলিওৱা ভাগৱত শোভাযাত্ৰাত অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, শিক্ষামন্ত্রী ডা০ বণোজ পেগু, মন্ত্রী জয়ন্তমল্ল বৰুৱাই অংশগ্ৰহণ কৰে। উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱসকলে প্ৰথমবাৰৰ বাবে মহাকুম্ভ মেলাত নামঘৰ, মণিকূট আৰু ৰাঙলি চ’ৰা নিৰ্মাণ কৰি উলিয়াইছে। একেদৰে কামাখ্যা মন্দিৰৰ এটি আৰ্হিও নিৰ্মাণ ক...