ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যজুৰি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৪২৮ সংখ্যক তিৰোভাৱ তিথি পালন

মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৪২৮ সংখ্যক তিৰোভাৱ তিথি আজি ৰাজ্যজুৰি পৰম্পৰাগত উলাহ-উদ্দীপনাৰে পালন কৰা হয়। এই উপলক্ষে সমগ্ৰ ৰাজ্যৰ ভকতবৃন্দই নামঘৰ আৰু সত্ৰসমূহত শৰাই, বন্তি আগবঢ়াই প্রার্থনা জনায়। সত্ৰ, নামঘৰসমূহ পুৱাৰে পৰা ভক্ত ৰাইজৰ নাম-প্ৰসংগ আৰু হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে।

মাধৱদেৱ গুৰুজনাই স্থাপন কৰা ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত এই তিথি কীৰ্তন মহোৎসৱ হিচাপে ১০ দিনীয়াকৈ উদযাপন কৰা হয়। বৰপেটাৰ সংবাদদাতাই জনোৱা অনুসৰি ১০ দিনৰ মূৰত আজি অনুষ্ঠিত মূল কাৰ্যসূচীৰ অংশ হিচাপে পুৱা প্ৰসংগৰ লগতে সত্ৰৰ গায়ন-বায়নে ঘোষা কীৰ্তন, ব্যাস কীৰ্তন আৰু নাম বিৰতিবিহীনভাৱে পৰিৱেশন কৰে। মহাপুৰুষজনাই স্থাপন কৰা সুন্দৰীদিয়া, বাৰাদি আৰু গনককুচি সত্ৰৰ লগতে শ্ৰীমন্ত শংকৰদেৱে স্থাপন কৰা শিলপৰা ভিঠি থান সত্ৰত আৰু শংকৰদেৱ থান সত্ৰতো কীৰ্ত্তন মহোৎসৱ পালন কৰা হয়। মহোৎসৱ উপলক্ষে বৰপেটা সত্ৰৰ লগতে আন আন সত্ৰতো ভালেসংখ্যক লোকৰ সমাগমেৰে উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হয়। উল্লেখযোগ্য যে গুৰুজনাৰ মহাপ্ৰয়াণৰ পাছত তেওঁৰ ভকতসকলে ১০ দিনীয়াকৈ যি কাৰ্যসূচী পালন কৰিছিল তাৰ আৰ্হিতে বৰপেটা সত্ৰত কীৰ্তন মহোৎসৱ পালন কৰি অহা হৈছে। মহাপুৰুষজনাৰ জন্মস্থান লেটেকুপুখুৰীতো আজি দিনজোৰা কাৰ্যসূচীৰে তিৰোভাৱ তিথি উদযাপন কৰা হয়। ঊষা কীৰ্তনেৰে আৰম্ভ হোৱা দিনটোৰ কাৰ্যসূচীত গছপুলি ৰোপণ, গুৰুবাদ্য প্রদর্শন, নাম-প্ৰসংগ আদি কাৰ্যসূচী গ্ৰহণ কৰা হয়। স্বেচ্ছাসেৱী সংগঠন সহায়ৰ উদ্যোগত আৰু মৰিগাঁও সনাতনী ৰাইজৰ সহযোগত গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে মৰিগাঁও নগৰত এটি শোভাযাত্ৰা উলিওৱা হয়। ধুবুৰীৰ মধুপুৰ সত্ৰতো দিনজোৰা কাৰ্যসূচীৰে শ্ৰীশ্ৰীমাধৱদেৱৰ তিৰোভাৱ তিথি পালন কৰা হয়। পুৱা তাল কোবোৱা প্ৰসংগ, মঞ্জিৰা নাম আদি বিভিন্ন পৰম্পৰাগত অনুষ্ঠানৰ আয়োজন কৰা হয়।

যোৰহাট জিলাৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত আজি দিনজোৰা কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ তিৰোভাৱ তিথি পালন কৰা হয়। মাজুলীৰ ৩৫খন সত্ৰ আৰু প্ৰায় ২০০টা নামঘৰো আজি মহাপুৰুষজনাৰ তিৰোভাৱ তিথি উপলক্ষে পুৱাৰে পৰা নাম-কীৰ্তন আৰু প্ৰসংগৰে মুখৰিত হৈ উঠিছে। ঐতিহ্যমণ্ডিত কমলাবাৰী সত্ৰত চাৰিদিনীয়া কাৰ্যসূচীৰে মহাপুৰুষজনাৰ তিৰোভাৱ তিথি আয়োজন কৰা হয়। ইফালে নামনি মাজুলীৰ এলেঙী সত্ৰতো পুৱাৰে পৰা আইসকলে প্ৰসংগ আৰু গোপিনী কীর্তনেৰে সত্ৰখনৰ চৌপাশ মুখৰিত কৰি তোলে। গোলাঘাটৰ শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰতো গুৰু বন্দনাৰে পৱিত্ৰ তিৰোভাৱ তিথি মুখৰিত হৈ পৰে। পৱিত্ৰ ভাদ মাহৰ প্ৰথমটো তিথি উপলক্ষে বিভিন্ন প্ৰান্তৰ পৰা নামঘৰত অগণন ভকত ৰাইজৰ সমাগম ঘটে।

অধিক পঢ়ক

সকলো চাওক