September 12, 2025 8:27 PM

views 21

ৰাজ্যৰ ভিন্ন স্থানত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৪২৯ সংখ্যক তিৰোভাৱ তিথি পালন

ৰাজ্যৰ বিভিন্ন স্থানত আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৪২৯ সংখ্যক তিৰোভাৱ তিথি শ্ৰদ্ধা-ভক্তিৰে পালন কৰা হৈছে। তিৰোভাৱ তিথি উপলক্ষে ৰাজ্যৰ সত্ৰ, নামঘৰসমূহত ভাগৱত পাঠ, নাম-প্ৰসংগ অনুষ্ঠিত হয়। তিৰোভাৱ তিথিত গুৰুজনালৈ প্ৰণিপাত জনাই নামঘৰ, সত্ৰত পুৱাৰ পৰাই ভকত-বৈষ্ণৱ সমবেত হৈ নাম-প্ৰসংগ কৰে । শ্ৰীশ্ৰীমাধৱদেৱৰ জন্মস্থান লখিমপুৰৰ লেটেকু পুখুৰী, ডিব্ৰুগড়, শিৱসাগৰ, বৰদোৱা, বৰপেটা, সত্ৰ নগৰী মাজুলী, ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ, গোৱালপাৰাৰ কেউলীয়া হাটী সত্ৰ আৰু শ্যামৰায় সত্ৰৰ লগতে গুৱাহাটী মহানগৰীৰ নামঘ...

September 12, 2025 1:03 PM

views 27

ৰাজ্যজুৰি আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৪২৯ সংখ্যক তিৰোভাৱ তিথি পালন

আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৪২৯ সংখ্যক তিৰোভাৱ তিথি। ১৪৮৯ চনত লখিমপুৰৰ নাৰায়ণপুৰত জন্ম হোৱা মহাপুৰুষজনাই শ্ৰীমন্ত শংকৰদেৱৰ সান্নিধ্যত দীঘলীয়া পৰিক্ৰমাৰে অসমীয়া সাহিত্য-সংস্কৃতিৰ ভঁৰাললৈ মেটমৰা অৱদান আগবঢ়াই থৈ গৈছে। মহাপুৰুষ মাধৱদেৱে নামঘোষাৰ লগতে বাৰকুৰি বৰগীত ৰচনা কৰিছিল। তেওঁ আদিকাণ্ড ৰামায়ণ, ৰাজসূয় কাব্য, জন্মৰহস্য, ভক্তি ৰত্নাৱলী, নাম মালিকা আদিৰো সৃষ্টিকর্তা। মহাপুৰুষজনাই ১৫৯৬ চনত কোচ বিহাৰত ইহলীলা সম্বৰণ কৰে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে ৰাজ্যৰ সত্ৰ, নামঘৰসমূহত...

June 12, 2025 10:54 AM

views 30

ৰাজ্যৰ বিভিন্ন প্ৰান্তত মহাপুৰুষ মাধৱদেৱৰ ৫৩৬ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ পালন

■ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি মহাপুৰুষ মাধৱদেৱৰ ৫৩৬ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ পালন কৰা হৈছে। কামৰূপ জিলাৰ শুৱালকুছিৰ একশৰণ মহাপুৰুষীয়া ধৰ্মালোচনী সভা শ্ৰীশ্ৰীশংকৰদেৱ মন্দিৰ শুৱালকুছিৰ উদ্যোগত কালিৰে পৰা দুদিনীয়াকৈ মহাপুৰুষ মাধৱদেৱৰ জন্মোৎসৱ পালন কৰা হৈছে। আজি পুৱা ঊষা কীৰ্তন আৰু ধৰ্মীয় পতাকা উত্তোলন কৰা হয়। দিনৰ ভাগত নামপ্ৰসংগ, পাঠ, চৰিত তোলা, সেৱাৰ গীত পৰিৱেশন কৰাৰ লগতে ধর্মালোচনী সভা অনুষ্ঠিত হ'ব।বৰপেটা জিলাত গুৰুজনাই স্থাপন কৰা সুন্দৰীদিয়া সত্ৰ, বৰপেটা সত্ৰ, বাৰাদি সত্ৰ আদিত আজি পুৱাৰে পৰা ...

August 24, 2024 9:07 PM

views 39

ৰাজ্যজুৰি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৪২৮ সংখ্যক তিৰোভাৱ তিথি পালন

মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৪২৮ সংখ্যক তিৰোভাৱ তিথি আজি ৰাজ্যজুৰি পৰম্পৰাগত উলাহ-উদ্দীপনাৰে পালন কৰা হয়। এই উপলক্ষে সমগ্ৰ ৰাজ্যৰ ভকতবৃন্দই নামঘৰ আৰু সত্ৰসমূহত শৰাই, বন্তি আগবঢ়াই প্রার্থনা জনায়। সত্ৰ, নামঘৰসমূহ পুৱাৰে পৰা ভক্ত ৰাইজৰ নাম-প্ৰসংগ আৰু হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে। মাধৱদেৱ গুৰুজনাই স্থাপন কৰা ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত এই তিথি কীৰ্তন মহোৎসৱ হিচাপে ১০ দিনীয়াকৈ উদযাপন কৰা হয়। বৰপেটাৰ সংবাদদাতাই জনোৱা অনুসৰি ১০ দিনৰ মূৰত আজি অনুষ্ঠিত মূল কাৰ্যসূচীৰ অংশ হিচাপে পুৱা প্ৰসংগৰ লগতে সত্ৰৰ ...