আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৪২৯ সংখ্যক তিৰোভাৱ তিথি। ১৪৮৯ চনত লখিমপুৰৰ নাৰায়ণপুৰত জন্ম হোৱা মহাপুৰুষজনাই শ্ৰীমন্ত শংকৰদেৱৰ সান্নিধ্যত দীঘলীয়া পৰিক্ৰমাৰে অসমীয়া সাহিত্য-সংস্কৃতিৰ ভঁৰাললৈ মেটমৰা অৱদান আগবঢ়াই থৈ গৈছে। মহাপুৰুষ মাধৱদেৱে নামঘোষাৰ লগতে বাৰকুৰি বৰগীত ৰচনা কৰিছিল। তেওঁ আদিকাণ্ড ৰামায়ণ, ৰাজসূয় কাব্য, জন্মৰহস্য, ভক্তি ৰত্নাৱলী, নাম মালিকা আদিৰো সৃষ্টিকর্তা। মহাপুৰুষজনাই ১৫৯৬ চনত কোচ বিহাৰত ইহলীলা সম্বৰণ কৰে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে ৰাজ্যৰ সত্ৰ, নামঘৰসমূহত ভাগৱত পাঠ, নাম-প্ৰসংগৰ আয়োজন কৰা হৈছে। তিৰোভাৱ তিথিত গুৰুজনালৈ প্ৰণিপাত জনাই নামঘৰ, সত্ৰত পুৱাৰ পৰাই ভকত-বৈষ্ণৱ সমবেত হোৱা পৰিলক্ষিত হৈছে। শ্ৰীশ্ৰীমাধৱদেৱৰ জন্মস্থান লখিমপুৰৰ লেটেকু পুখুৰী, বৰদোৱা, বৰপেটা, সত্ৰ নগৰী মাজুলী, ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ, গোৱালপাৰাৰ কেউলীয়া হাটী সত্ৰ আৰু শ্যামৰায় সত্ৰৰ লগতে গুৱাহাটী মহানগৰীৰ নামঘৰসমূহতো সাহিত্য-সংস্কৃতিৰ পূজাৰী, অসমীয়া জাতিৰ প্ৰাণ প্রতিষ্ঠাতা মহাপুৰুষজনাৰ তিথি উপলক্ষে নাম-প্ৰসংগৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই তিৰোভাৱ তিথি উপলক্ষে গুৰুজনাক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। এই উপলক্ষে দিয়া এটা বাৰ্তাত এই বুলি কয়, যে গুৰুজনাৰ পদধূলিৰে ধন্য পৱিত্ৰ অসমভূমিক অনাগত সময়ত অধিক শক্তিশালী আৰু সমৃদ্ধিশালী কৰি তুলিবলৈ সকলোৱে ঐক্যবদ্ধভাৱে আগবাঢ়ি যাব লাগিব। মহাপুৰুষগৰাকীৰ মহান জীৱনাদৰ্শ, সৃষ্টিৰাজি আৰু বাণীসমূহ সকলোৰে বাবে পথ-প্ৰদৰ্শকস্বৰূপ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
Site Admin | September 12, 2025 1:03 PM | madhavdev tithi assam
ৰাজ্যজুৰি আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৪২৯ সংখ্যক তিৰোভাৱ তিথি পালন
