ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্য চৰকাৰৰ হস্ততাঁত আৰু বস্ত্রশিল্প বিভাগৰ মেচিনত বোৱা গামোচাৰ বিৰুদ্ধে ফাঁচী বজাৰত অভিযান

♦ ৰাজ্য চৰকাৰৰ হস্ততাঁত আৰু বস্ত্রশিল্প বিভাগে আজি মেচিনত বোৱা গামোচাৰ বিৰুদ্ধে মহানগৰীৰ ফাঁচী বজাৰত অভিযান চলায়। অভিযানকাৰী দলটোৱে কেইবাখনো দোকানৰ পৰা ৫৮ খন মেচিনত বোৱা গামোচা জব্দ কৰে। উল্লেখযোগ্য যে, অসমীয়াৰ গামোচাখনে ভৌগোলিক মান্যতা লাভ কৰাৰ পাছতো একাংশ অসাধু ব্যৱসায়ীয়ে ৰঙালী বিহুৰ সুযোগ লৈ মেচিনত বোৱা গামোচা বিক্ৰী কৰি আহিছে। বিভাগীয় এটা সূত্ৰই জনোৱা মতে গণেশগুৰি, ফাঁচী বজাৰ আদিত অভিযান চলাই এতিয়ালৈ মুঠ ৩৫০ খন মেচিনত বোৱা গামোচা জব্দ কৰে।