প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৫ মে’ত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে নিজৰ মনৰ ভাব প্ৰকাশ কৰিব। এয়া হ’ব অনুষ্ঠানটোৰ ১২২ সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে ১৮০০-১১-৭৮০০ টোল ফ্রি নম্বৰৰ জৰিয়তে নিজৰ মনৰ ভাব আৰু পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব। জনসাধাৰণে নৰেন্দ্ৰ মোদী এপ নাইবা মাই গভ মুকলি মঞ্চৰ জৰিয়তেও প্রধানমন্ত্ৰীলৈ নিজৰ দিহা-পৰামৰ্শ আগবঢ়াব পাৰিব। অহা ২৩ মে পর্যন্ত জনসাধাৰণৰ পৰামৰ্শসমূহ গ্ৰহণ কৰা হ’ব ।
Site Admin | May 20, 2025 12:56 PM | Maan ki Baat
অহা ২৫ মে’ত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ ১২২ সংখ্যক খণ্ড প্ৰচাৰ
