ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কম ভোটদান হোৱা ১১ খন ৰাজ্যৰ পৌৰ আয়ুক্ত আৰু বচা বচা জিলা নির্বাচনী বিষয়াৰ সন্মিলনৰ আয়োজন নির্বাচন আয়োগৰ

♦ নির্বাচন আয়োগে আজি কম ভোটদান হোৱা ১১ খন ৰাজ্যৰ পৌৰ আয়ুক্ত আৰু বচা বচা জিলা নির্বাচনী বিষয়াৰ সন্মিলন আয়োজন কৰিছে। নতুন দিল্লীত হ’বলগীয়া এই বৈঠকত আসন্ন লোকসভা নিৰ্বাচনত ভোটদানৰ হাৰ বৃদ্ধি কৰাৰ উপায় সম্পৰ্কে আলোচনা কৰা হ’ব। বৈঠকত নগৰ আৰু চহৰৰ একাংশ এলেকাত কম ভোটদানৰ সমস্যা দূৰ কৰাৰ বাবে বিশেষ কাৰ্য পৰিকল্পনাৰ বিষয়ে আলোচনা কৰা হ’ব। নির্বাচন আয়োগে প্ৰকাশ কৰা মতে বৈঠকত দিল্লী, মুম্বাই, চেন্নাই, বেংগালুৰু, হায়দাবাদ, আহমেদাবাদ, পুণে,থানে, নাগপুৰ, পাটনা চাহিব, লক্ষ্ণৌ আৰু কানপুৰৰ পৌৰ আয়ুক্তসকলৰ লগতে বিহাৰ আৰু উত্তৰ প্ৰদেশৰ বচা বচা জিলা নির্বাচনী বিষয়াসকলে ভাগ ল’ব। মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ, নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু সুখবীৰ সিং সান্ধুই বৈঠকত অধ্যক্ষতা কৰিব। শ্ৰীকুমাৰে সময়ে সময়ে ভোটগ্রহণ প্ৰক্ৰিয়াত নিম্ন অংশগ্ৰহণৰ কাৰণ হিচাপে নগৰীয়া উদাসীনতা আৰু গ্ৰাম্য এলেকাৰ পৰা প্ৰব্ৰজনৰ প্ৰত্যাহ্বান সম্পৰ্কে আলোকপাত কৰি আহিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।