ভাৰতৰত্ন সন্মানেৰে বিভূষিত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পূণ্যতিথি আজি ৰাজ্যজুৰি লোককল্যাণ দিৱস হিচাপে পালন কৰা হৈছে। ২০২২ বৰ্ষৰ পৰা ৰাজ্য চৰকাৰৰ উদ্যোগত এই দিনটো লোককল্যাণ দিৱস হিচাপে পালন কৰি অহা হৈছে। এই উপলক্ষে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত অৰাজপত্রিত কৰ্মচাৰীসকলৰ উৎকৃষ্ট সেৱাৰ বাবে ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ প্ৰদান কৰা হয়। ইয়াৰ লগতে ভালেসংখ্যক বিষয়ালৈ প্রশাসন ব্যৱস্থাত দেখুওৱা পাৰদৰ্শিতাৰ বাবে কৰ্মশ্ৰী বঁটাও আগবঢ়োৱা হয়। চলিত বছৰত ৬৯ গৰাকী কৰ্মচাৰীলৈ ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ লোকসেৱা বঁটাসমূহ আগবঢ়োৱা হয়। ৰাজ্যিক পৰ্যায়ত অগ্নি আৰু জৰুৰীকালীন সেৱা বিভাগৰ দলপতি অংকুৰ নাৰায়ণ দাস, মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ মাল্টি টাস্কিং ষ্টাফ বীৰ বাহাদুৰ ৰায়, ক্রীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ জ্যেষ্ঠ সহায়ক চিন্ময় বৰা, বিত্ত বিভাগৰ সহকাৰী শাখা বিষয়া দ্বীপজ্যোতি বনিয়াকে ধৰি ১০ গৰাকী কৰ্মচাৰীলৈ ৰাজ্যিক পৰ্যায়ৰ লোকসেৱা বঁটা আগবঢ়োৱা হৈছে। একেদৰে ৫৯ গৰাকী কৰ্মচাৰীলৈ জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ আগবঢ়োৱা হৈছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত আয়োজিত লোককল্যাণ দিৱসৰ অনুষ্ঠানত মন্ত্ৰী ৰণজিত কুমাৰ দাসে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বঁটাসমূহ প্ৰদান কৰে। ভাষণ প্ৰসংগত শ্রীদাসে অসমক ভাৰতৰ মূল ভূখণ্ডৰ পৰা বিচ্ছিন্ন নোহোৱাকৈ ৰাখিবলৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে অহোপুৰুষাৰ্থ কৰিছিল বুলি মন্তব্য কৰে। তেওঁ প্ৰয়াত বৰদলৈ অসমৰ ৰাজনৈতিক আৰু আধুনিক সমাজ ব্যৱস্থাৰ খনিকৰস্বৰূপ আছিল বুলি ভাষণত উল্লেখ কৰে।
ৰাজ্যৰ বিভিন্ন জিলাত আয়োজন কৰা লোককল্যাণ দিৱসৰ কাৰ্যসূচীত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতি শ্ৰদ্ধা জনোৱা হয়। অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, নন্দিতা গালোচা, মুখ্য সচিব ৰবি কোটা, আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
মন্ত্ৰী ৰণজিত কুমাৰ দাসে ইয়াৰ পাছত গুৱাহাটীৰ শিলপুখুৰীত থকা গোপীনাথ বৰদলৈৰ প্রতিমূর্তিত পুস্পাঞ্জলি অর্পণ কৰি শ্ৰদ্ধা জ্ঞাপন কৰে। অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেণ শৰণীয়াকে ধৰি ভালে কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এখন সর্বধৰ্ম প্ৰাৰ্থনা সভাও অনুষ্ঠিত কৰা হয় । ধেমাজি জিলাতো ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত আজি বিয়লি লোককল্যাণ দিৱস উপলক্ষে জিলাভিত্তিক লোকসেৱা বঁটাসমূহ প্ৰদান কৰা হয় ৷