August 5, 2025 6:55 PM

views 17

ৰাজ্যজুৰি আজি লোককল্যাণ দিৱস পালন

ভাৰতৰত্ন সন্মানেৰে বিভূষিত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পূণ্যতিথি আজি ৰাজ্যজুৰি লোককল্যাণ দিৱস হিচাপে পালন কৰা হৈছে। ২০২২ বৰ্ষৰ পৰা ৰাজ্য চৰকাৰৰ উদ্যোগত এই দিনটো লোককল্যাণ দিৱস হিচাপে পালন কৰি অহা হৈছে। এই উপলক্ষে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত অৰাজপত্রিত কৰ্মচাৰীসকলৰ উৎকৃষ্ট সেৱাৰ বাবে ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ প্ৰদান কৰা হয়। ইয়াৰ লগতে ভালেসংখ্যক বিষয়ালৈ প্রশাসন ব্যৱস্থাত দেখুওৱা পাৰদৰ্শিতাৰ বাবে কৰ্মশ্ৰী বঁটাও আগবঢ়োৱা হয়। চলিত বছৰত ৬৯ গৰাকী কৰ্মচাৰীল...