ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

তিনিটা পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে স্থানীয় বন্ধৰ ঘোষণা

♦ ৰাজ্যত তিনিটা পৰ্যায়ত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। নির্বাচন হ’বলগীয়া সমষ্টিসমূহত প্রশাসনে বন্ধ ঘোষণা কৰিছে। ৰাজ্যৰ ১৪টা লোকসভা সমষ্টিত সুকীয়াকৈ এই নির্দেশনা প্রযোজ্য হ’ব।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অহা ১৯ এপ্ৰিলত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত এলেকাসমূহত বন্ধ ঘোষণা কৰা হৈছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচৰ বাবে অহা ২৬ এপ্ৰিলত দৰং- ওদালগুৰি, নগাঁও, ডিফু, শিলচৰ আৰু কৰিমগঞ্জ লোকসভা সমষ্টিৰ অন্তৰ্গত এলেকাসমূহত প্রশাসনে স্থানীয় বন্ধ ঘোষণা কৰিছে।

Read More News : 

আনহাতে, তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অহা ৭ মে’ত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত এলেকাসমূহত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।