ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

লালুপ্রসাদ যাদৱ আৰু তেওঁৰ পৰিয়ালৰ সদস্য তথা আন কেইবাগৰাকীও ব্যক্তিৰ বিৰুদ্ধে চি বি আইৰ চূড়ান্ত অভিযোগনামা দাখিল

কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আইয়ে ভূমিৰ বিনিময়ত চাকৰি কেলেংকাৰী গোচৰত প্ৰাক্তন ৰে’লমন্ত্ৰী লালুপ্রসাদ যাদৱ আৰু তেওঁৰ পৰিয়ালৰ সদস্য তথা আন কেইবাগৰাকীও ব্যক্তিৰ বিৰুদ্ধে চূড়ান্ত অভিযোগনামা দাখিল কৰিছে। বিশেষ আদালতে এই অভিযোগ নামাৰ সন্দৰ্ভত চিন্তা-চৰ্চা কৰাৰ বাবে ৬ জুলাই তাৰিখ নিৰ্ধাৰণ কৰি দিছে। ইয়াৰ পূৰ্বে ২০২৩ চনৰ ৪ অক্টোবৰত আদালতে এই গোচৰত প্ৰাক্তন ৰে’ল মন্ত্ৰী লালুপ্রসাদ যাদৱ বিহাৰৰ উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱ, ৰাবৰি দেৱী আৰু আন কেইবাগৰাকী ব্যক্তিৰ জামিন মঞ্জুৰ কৰিছিল। আন এটা গোচৰত চি বি আইয়ে সুৰা নীতি কেলেংকাৰি গোচৰত বি আৰ এছৰ নেতা কে. কবিতাৰ বিৰুদ্ধে এখন পৰিপূৰক অভিযোগনামা দাখিল কৰিছে।