September 16, 2025 1:24 PM

views 27

জনজাতি কল্যাণ পৰিষদৰ কেলেংকাৰিৰ সন্দৰ্ভত কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশত চি বি আইৰ তালাচী অভিযান

কেন্দ্রীয় অনুসন্ধান সংস্থা- চি বি আইয়ে জনজাতি কল্যাণ পৰিষদৰ কেলেংকাৰিৰ সন্দৰ্ভত কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশৰ ১৬টা বিভিন্ন স্থানত তালাচী অভিযান চলায়। উল্লেখযোগ্য যে এই কেলেংকাৰিৰ সৈতে জড়িত থকাৰ অভিযোগত কৰ্ণাটকৰ প্ৰাক্তন মন্ত্ৰী বি নগেন্দ্ৰ জে’ললৈ গৈছিল। চি বি আইৰ এটা সূত্ৰ মতে কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ আত্মীয় এই কেলেংকাৰিৰ জৰিয়তে চৰকাৰী ধন আত্মসাৎ কৰিছিল। ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ডিজিএমৰ এটা লিখিত অভিযোগৰ ভিত্তিত যোৱা বছৰৰ জুন মাহত চি বি আইয়ে কেলেংকাৰি সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছিল। এই...

August 4, 2025 12:24 PM

views 36

ধন দাবী আৰু গ্ৰহনৰ অভিযোগত মুম্বাইত এগৰাকী শুল্ক অধীক্ষকক গ্ৰেপ্তাৰ চি বি আইৰ

কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা -CBI এ কালি ধন দাবী আৰু গ্ৰহনৰ অভিযোগত মুম্বাইৰ চাহাৰৰ এয়াৰ কার্গো চৌহদৰ পৰা এগৰাকী শুল্ক অধীক্ষকক গ্ৰেপ্তাৰ কৰে। ধৃত অধীক্ষকগৰাকীয়ে আমদানীকৃত চালানসমূহৰ ক্লীয়াৰেঞ্চ দিয়াৰ বাবদ কাষ্টম হাউচ এজেণ্টৰ পৰা ধন ১০লাখ ২০ হাজাৰ টকাৰ উৎকোচ দাবী আৰু গ্ৰহন কৰিছিল।

July 5, 2025 8:41 PM

views 35

উত্তৰ প্ৰদেশত উত্তৰ ৰে’লৱেৰ এজন সহকাৰী মাণ্ডলিক অভিযন্তা আৰু তেওঁৰ তলতীয়া কৰ্মচাৰীক গ্ৰেপ্তাৰ চি বি আয়ৰ

 কেন্দ্রীয় অনুসন্ধান সংস্থা চি বি আয়ে উত্তৰ প্ৰদেশৰ ছম্বলত কৰ্মৰত উত্তৰ ৰে’লৱেৰ এজন সহকাৰী মাণ্ডলিক অভিযন্তা আৰু তেওঁৰ তলতীয়া কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকে এজন লোকৰ পৰা উৎকোচ লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰা হয়। চি বি আয়ে জাৰি কৰা এখন বিবৃতি অনুসৰি লোক দুজনৰ বিৰুদ্ধে এটা ব্যক্তিগত কোম্পানীৰ অনাদায় হৈ থকা এখন বিল মোকলাই দিয়াৰ বাবদ দুই শতাংশ ধন উৎকোচ হিচাপে গ্ৰহণ কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছিল। চি বি আইৰ দলটোৱে লাভ কৰা অভিযোগ অনুসৰি চলোৱা অভিযানত দুয়োজন অভিযুক্তকে ৩৪ হাজাৰ টকা উৎকোচ গ...

June 11, 2025 7:14 PM

views 48

চাইবাৰ ক্ৰাইমৰ অপৰাধী চক্র উৎখাতৰ লগতে ২ কোটি ৮০ লাখ টকাৰ ক্রিপ্ত’ কাৰেঞ্চি জব্দ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইয়ে চাইবাৰ ক্ৰাইমৰ এটা অপৰাধী চক্র উৎখাত কৰাৰ লগতে ২ কোটি ৮০ লাখ টকাৰ ক্রিপ্ত’ কাৰেঞ্চি জব্দ কৰে। সংস্থাটোৱে চাইবাৰ ক্রাইম বিৰোধী বিশেষ অভিযানৰ অংশ হিচাপে তিনিটাকৈ স্থানত অনুসন্ধান চলায়। চি বি আইয়ে প্ৰকাশ কৰা অনুসৰি চৰকাৰী বিষয়া অথবা বিখ্যাত প্রযুক্তি সংস্থাসমূহৰ প্ৰতিনিধিৰ ৰূপত মূলতঃ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ লোকসকলক লক্ষ্য কৰি লোৱা ভাৰতৰ পৰা পৰিচালিত এটা চাইবাৰ ক্রাইম চক্ৰ সন্দৰ্ভত গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ পম খেদি সংস্থাটোৱে অভিযান চলায়। অনুস...

June 3, 2025 12:47 PM

views 51

দুৰ্নীতিৰ অভিযোগত এগৰাকী জ্যেষ্ঠ বিষয়াসহ দুগৰাকী লোকক আটক চি বি আই আয়ৰ

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা- চি বি আই আয়ে ভাৰতীয় ৰাজহ সেৱা বিভাগৰ এগৰাকী জ্যেষ্ঠ বিষয়াসহ দুগৰাকী লোকক দুৰ্নীতিৰ অভিযোগত আটক কৰিছে। আটকাধীন লোক দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত তদন্তকাৰী সংস্থাটোৱে বিভিন্ন ঠাইত অভিযান চলাই বৃহৎ পৰিমাণৰ সা-সম্পত্তিৰ লগতে বহু নথি-পত্ৰ উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। কেন্দ্ৰীয় সংস্থাটোৱে প্ৰকাশ কৰা এটা বিবৃতি অনুসৰি অভিযানকালত সংস্থাটোৱে চাৰে তিনি কিলোগ্রাম সোণ, দুই কিলোগ্ৰাম ৰূপ আৰু এক কোটি নগদ ধন জব্দ কৰে। বিবৃতিটোত লগতে কোৱা হৈছে সংস্থাটোৱে ২৫টা বেংক একাউণ্ট আৰু দিল্লী,...

May 6, 2025 7:43 AM

views 36

চিবিআইৰ সঞ্চালকক নিযুক্তিৰ বাবে থকা তিনিজনীয়া কমিটীৰ বৈঠকত প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতা

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত তেওঁৰ কাৰ্যালয়ত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা, চিবিআইৰ সঞ্চালকক নিযুক্তি দিয়াৰ বাবে থকা তিনিজনীয়া কমিটীখনৰ বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত কমিটীখনৰ আন দুগৰাকী সদস্য দেশৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধী উপস্থিত থাকে। বৈঠকত সংস্থাৰ পৰৱৰ্তী সঞ্চালকক নিযুক্তি দিয়াৰ বিষয়ে আলোচনা কৰা হয়। চলিত মাহৰ ২৫ তাৰিখে সংস্থাৰ বৰ্তমানৰ সঞ্চালক প্রবীন ছুডৰ দুবছৰীয়া কাৰ্যকালৰ অন্ত পৰিব উল্লেখযোগ্য যে প্রধানমন্ত্ৰীৰ নেতৃত্বত দ...

December 19, 2024 5:55 PM

views 35

বিত্তীয় অনিয়মৰ গোচৰত চি বি আইৰ গুৱাহাটীত সংস্থাটোৰ বিশেষ আদালতত ৩ গৰাকী অভিযুক্তৰ বিৰুদ্ধে পৰিপূৰক অভিযোগনামা দাখিল

কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আইয়ে বিত্তীয় অনিয়মৰ গোচৰত গুৱাহাটীত সংস্থাটোৰ বিশেষ আদালতত তিনিগৰাকী অভিযুক্তৰ বিৰুদ্ধে এখন পৰিপূৰক অভিযোগনামা দাখিল কৰিছে। ছবিন বৰ্মন, দিপালী তালুকদাৰ বৰ্মন আৰু মুকেশ আগৰৱাল নামৰ লোক তিনিজনৰ বিৰুদ্ধে এই অভিযোগনামা দাখিল কৰা হৈছে। তিনিওজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ ৩ মাহৰ ভিতৰতে অভিযোগনামা দাখিল কৰা হয়। অভিযুক্ত লোককেইজন সম্প্রতি ন্যায়িক জিম্মাত আছে। ইপিনে এই গোচৰত ইতিমধ্যে অভিযোগনামা দাখিল হোৱা মনালিছা দাস নামৰ অভিযুক্তগৰাকীৰ বিৰুদ্ধে অতিৰিক্ত তথ্য প্রমা...

November 2, 2024 6:27 PM

views 48

ট্রেডিং কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ৪ জন অভিযুক্তক আজি ন্যায়িক জিম্মালৈ প্ৰেৰণ

চিবিআই বিশেষ আদালতে ট্রেডিং কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ৪ জন অভিযুক্তক আজি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। এই ৪জন অভিযুক্ত হৈছে বিশাল ফুকন, ৰঞ্জিত কাকতি, অভিজিৎ চান্দ আৰু স্বপ্ননীল দাস। পূৰ্বৰ জিম্মাৰ ম্যাদ অন্ত পৰাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই আজি চাৰিওজন অভিযুক্তক আদালতত হাজিৰ কৰোৱায়। পাছত আদালতে আটাইকেইজনকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। অহা ১৩ নৱেম্বৰত চাৰিওজন অভিযুক্তক পুনৰ চিবিআইৰ বিশেষ আদালতত হাজিৰ কৰোৱাব লাগিব।

September 14, 2024 10:38 AM

views 43

ট্রেডিং কেলেংকাৰী সংক্ৰান্তত সকলো গোচৰৰ তদন্ত চি বি আইক অৰ্পণৰ সিদ্ধান্ত অসম মন্ত্ৰীসভাৰ

অসম মন্ত্রীসভাই অনিয়ন্ত্রিত জমা ধন আৰু অবৈধ ট্রেডিং কেলেংকাৰী সংক্ৰান্তত ৰাজ্যৰ বিভিন্ন আৰক্ষী চকীত ৰুজু হোৱা সকলো গোচৰৰ তদন্তৰ ভাৰ চি বি আইক অৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মন্ত্রীসভাই লগতে গৃহ আৰু বিত্ত বিভাগক ভৱিষ্যতে এনে ধৰণৰ ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰাৰ উদ্দেশ্যে যুটীয়াভাৱে নীতি-নির্দেশনা যুগুতাই উলিয়াবলৈ নিৰ্দেশ দিছে। অলপতে অবৈধ অনলাইন ট্রেডিং কেলেংকাৰী সন্দৰ্ভত কেইবাখনো এজাহাৰ ৰুজু হৈছে আৰু বিষয়টো লৈ ৰাজ্যৰ বিভিন্ন স্থানত জনসাধাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে । বৰ্তমানলৈকে এই কেলেংকাৰী সং...

August 25, 2024 8:33 PM

views 39

আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত সংঘটিত আর্থিক অনিয়মৰ সন্দৰ্ভত চিবিআইৰ ১৫ টা স্থান পৰিদৰ্শন

আজি পুৱা চিবিআইয়ে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰত সংঘটিত আর্থিক অনিয়মৰ সন্দৰ্ভত ১৫ টা স্থান পৰিদৰ্শন কৰে। চিবিআইৰ আন এটা দলে প্রাক্তন অধ্যক্ষ ডাঃ সন্দিপ ঘোষক তেওঁৰ বাসগৃহত জেৰা কৰিছে। শেহতীয়া বাতৰি অনুসৰি তদন্তকাৰী সংস্থাটোৰ আন এটা দলে চিকিৎসা মহাবিদ্যালয়খনৰ প্রাক্তন অধীক্ষক ডাঃ দেৱাশীষ সোম আৰু উপাধ্যক্ষ ডাঃ সঞ্জয় বশিষ্ঠ, চিকিৎসা সামগ্ৰী যোগানকাৰী বিপ্লৱ সিঙক তেওঁলোকৰ বাসগৃহত জেৰা কৰি আছে ৷