ডাউনলোড
মোবাইল এপ

android apple
signal

July 5, 2025 8:38 PM | Lalu Prasad

printer

ত্ৰয়োদশবাৰৰ বাবে ৰাষ্ট্ৰীয় জনতাদলৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ লালু প্রসাদ যাদৱৰ

জ্যেষ্ঠ নেতা তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্রসাদ যাদৱে ত্ৰয়োদশবাৰৰ বাবে ৰাষ্ট্ৰীয় জনতাদলৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে। সৰ্বসন্মতভাৱে নিৰ্বাচিত হোৱাৰ পাছত পাৰ্টনাত অনুষ্ঠিত ৰাষ্ট্ৰীয় জনতাদলৰ পৰিষদীয় বৈঠকত তেওঁ এই দায়িত্ব গ্ৰহণ কৰে। উল্লেখযোগ্য যে ১৯৯৭ চনৰ ৫ জুলাইত জনতা দলৰ পৰা ফাটি গৈ ৰাষ্ট্ৰীয় জনতা দল গঠন হৈছিল।