October 13, 2025 2:47 PM

views 44

লালু প্রসাদ যাদৱসহ আই আৰ চি টি চি দুৰ্নীতিৰ অভিযোগত কেইবাটাও ফৌজদাৰী গোচৰ

● দিল্লীৰ ৰাউজ এৱিনিউ আদালতে ৰাষ্ট্ৰীয় জনতা দল আৰ জে ডিৰ সভাপতি লালু প্রসাদ, তেওঁৰ পত্নী ৰাৱৰী দেৱী, পুত্ৰ-তেজস্বী যাদৱ তথা গান কেইবাগৰাকীৰ বিৰুদ্ধে আই আৰ চি টি চি দুৰ্নীতিৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত কেইবাটাও ফৌজদাৰী গোচৰ ৰুজু কৰিছে। আদালতে, তিনিও গৰাকীৰ বিৰুদ্ধে দুর্নীতি, অপৰাধমূলক ষড়যন্ত্ৰ আৰু প্ৰতাৰণাৰ গোচৰ তৰে। অভিযুক্তসকলে নিজকে নিৰপৰাধী হিচাপে দাবী কৰাৰ পৰিপ্ৰেক্ষিতত বিচাৰ প্ৰক্ৰিয়া অচিৰেই আৰম্ভ হ'ব। কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো চি বি আইৰ অভিযোগ অনুসৰি ২০০৪-ৰ পৰা ২০০৯ লৈ লালু প্রসাদ ...

July 5, 2025 8:38 PM

views 19

ত্ৰয়োদশবাৰৰ বাবে ৰাষ্ট্ৰীয় জনতাদলৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ লালু প্রসাদ যাদৱৰ

জ্যেষ্ঠ নেতা তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্রসাদ যাদৱে ত্ৰয়োদশবাৰৰ বাবে ৰাষ্ট্ৰীয় জনতাদলৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে। সৰ্বসন্মতভাৱে নিৰ্বাচিত হোৱাৰ পাছত পাৰ্টনাত অনুষ্ঠিত ৰাষ্ট্ৰীয় জনতাদলৰ পৰিষদীয় বৈঠকত তেওঁ এই দায়িত্ব গ্ৰহণ কৰে। উল্লেখযোগ্য যে ১৯৯৭ চনৰ ৫ জুলাইত জনতা দলৰ পৰা ফাটি গৈ ৰাষ্ট্ৰীয় জনতা দল গঠন হৈছিল।  

March 19, 2025 6:29 PM

views 32

ভূমি কেলেংকাৰী সংক্ৰান্তত লালু প্রসাদ যাদৱক জেৰা বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ

বিধি বলৱৎকাৰী সঞ্চালকালয়ে চাকৰিৰ বাবে ভূমি কেলেংকাৰী সংক্ৰান্তত আৰ জে ডিৰ সভাপতি তথা বিহাৰৰ প্রাক্তন মুখ্যমন্ত্রী লালু প্রসাদ যাদৱক জেৰা কৰি আছে। শ্ৰী প্ৰসাদ আজি পুৱা তেওঁৰ কন্যা, লোকসভাৰ সাংসদ মিছা ভাৰতীৰ সৈতে তদন্ত বিষয়াসকলৰ সন্মুখত হাজিৰ হয়। উল্লেখযোগ্য যে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা লালুপ্ৰসাদৰ পত্নী ৰাৰি দেৱী আৰু তেওঁলোকৰ জ্যেষ্ঠ পুত্ৰ তেজ প্রতাপ যাদৱ কালি কেন্দ্ৰীয় সংস্থাটোৰ তদন্ত দলৰ সন্মুখত হাজিৰ হৈছিল।

September 18, 2024 6:43 PM

views 59

প্রাক্তন ৰে’ল মন্ত্ৰী লালু প্রসাদ যাদৱসহ কেইবাজনো লোকক চমন জাৰি দিল্লী আদালতৰ

দিল্লীৰ এখন আদালতে প্রাক্তন ৰে'ল মন্ত্ৰী লালু প্রসাদ যাদৱ, তেওঁৰ পুত্ৰ তথা বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ আৰু আন কেইবাগৰাকীও লোকক ক'লাধন বৈধকৰণ গোচৰ সন্দৰ্ভত চমন জাৰি কৰিছে। দিল্লীৰ ৰ'জ এভিনিউ আদালতে লগতে লালু প্রসাদৰ বৰ পুত্ৰ তেজপ্ৰসাদ যাদৱলৈও এই গোচৰ সংক্ৰান্তত চমন জাৰি কৰিছে। বিশেষ ন্যায়াধীশ বিশাল গগনেই অহা ৭ অক্টোবৰত অভিযুক্তকেইজনক আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিছে।