February 21, 2025 6:57 PM | Lakhimpur

printer

লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ কৰ্মচাৰী সন্থাৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ কৰ্মচাৰী সন্থাৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে পুৱাৰ ভাগত সন্থাৰ পতাকা উত্তোলন কৰাৰ পাছত ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হয়। এই শিবিৰত চিকিৎসা মহাবিদ্যালয়খনৰ ভালেমান কৰ্মচাৰীয়ে ৰক্তদান কৰে।