ডাউনলোড
মোবাইল এপ

android apple
signal

July 12, 2025 7:04 PM | Lakhimpur

printer

ড° ৰাতুল বৰাৰ নেতৃত্বত অনুষ্ঠিত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ছদিনীয়া শিবিৰৰ সামৰণি

লখিমপুৰ জিলাৰ বিহপুৰীয়া মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ বিষয়া ড° ৰাতুল বৰাৰ নেতৃত্বত ৬৩৩ নম্বৰ বালিপুখুৰী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ছদিনীয়া শিবিৰৰ আজি সামৰণি পৰে। যোৱা ৬ জুলাইত এই শিবিৰ মুকলি কৰা হৈছিল। ছাত্ৰ-ছাত্ৰী আৰু যুৱ সমাজৰ সামাজিক দায়বদ্ধতা, সামাজিক শৃংখলা আৰু সমাজ সেৱাৰ মনোভাৱেৰে গঠিত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ বিভিন্ন কাৰ্যসূচীৰ মাজেৰে ছাত্ৰ-ছাত্ৰীৰ মাজত কেইবাটাও দিশত সজাগতা সৃষ্টিৰ প্ৰয়াস চলোৱা হয়। এই কাৰ্যসূচীৰ অংশ হিচাপে মাদক দ্ৰব্য সেৱনৰ বিৰুদ্ধে এখন আলোচনাচক্রও অনুষ্ঠিত হয়। শিবিৰত প্ৰতিটো সন্ধিয়া ছাত্ৰ-ছাত্ৰীসকলৰ ব্যক্তিত্ব আৰু প্ৰতিভা বিকাশৰ লক্ষ্যৰে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয় ৷

অধিক পঢ়ক

সকলো চাওক