January 21, 2026 12:48 PM | korajhar

printer

কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ গৌৰীনগৰৰ পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক

কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ গৌৰীনগৰৰ পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক হব ধৰিছে। জিলাখনত যোৱা ২৪ ঘণ্টাত নতুনকৈ কোনো হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই। আস্থা গঢ়াৰ আৰু সতর্কতামূলক ব্যৱস্থাৰ অংশ হিচাপে আজি পুৱাৰ ভাগত কাৰিগাঁও আৰক্ষী চকীৰ অধীনৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ দিশৰ স্পৰ্শকাতৰ এলেকাসমূহত ফ্লেগমার্চ কৰে। সেনা, দ্রুত কার্যবাহিনী, চি আৰ পি এফ, অসম আৰক্ষী আৰু জিলা প্ৰশাসনৰ বিষয়াসকলে যৌথভাবে এই ফ্রেগমার্চ কৰে। জিলা আয়ুক্ত পংকজ চৌধাৰীয়ে অঞ্চলটোৰ সামগ্রিক পৰিস্থিতি ক্রমাৎ উন্নত হব ধৰিছে। তেওঁ কয়, যে জিলাখনত সৃষ্টি হোৱা শেহতীয়া অশান্ত পৰিস্থিতিৰ বলি হোৱা লোকসকলৰ বাবে জিলাখনত স্থাপন হোৱা দুটা সাহায্য শিবিৰত এহেজাৰ দুশৰো অধিক লোকে আশ্রয় লৈ আছে। জিলা আয়ুক্তগৰাকীয়ে লগতে অঞ্চলটোত শান্তি-শৃংখলা বৰ্তাই ৰখাৰ বাবে আজি বিয়লি তিনি বজাত বিভিন্ন সংগঠনৰ নেতা, ভিন ভিন সম্প্রদায়ৰ নেতৃস্থানীয় লোক আৰু সংশ্লিষ্ট পক্ষসমূহৰ এখন বৈঠকৰ আহ্বান কৰা হৈছে।

কর্তৃপক্ষই সকলোকে ধৈৰ্য্য ধৰি থাকিবলৈ, প্ৰশাসনৰ সৈতে সহযোগিতা কৰিবলৈ আৰু উৰা বাতৰি বিয়পোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে। বি টি এ ডিৰ আৰক্ষীৰ মহা পৰিদৰ্শক বিবেক ৰাজ সিঙেও জনসাধাৰণক উৰা বাতৰিত ভোল নাযাবলৈ আহ্বান জনাইছে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত আৰক্ষী মহা পৰিদৰ্শকগৰাকীয়ে কয়, যে অঞ্চলটোত অলপতে সংঘটিত হিংসাত্মক সংঘর্ষ সন্দর্ভত বর্তমানলৈকে ১৯ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁলোকক আজি ন্যায়ালয়ত হাজিৰ কৰা হব। তেওঁ লগতে কালিৰ ঘটনা সন্দৰ্ভত তিনিজন লোকক গ্ৰেপ্তাৰ কৰা বুলি জানিবলৈ দিয়ে। জিলাখনৰ স্পৰ্শকাতৰ এলেকাসমূহত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে আৰু প্ৰশাসনে জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে পৰিস্থিতি অহৰহ নিৰীক্ষণ কৰি আছে।