July 7, 2025 7:29 PM | cm kokorajhar

printer

কোকৰাঝাৰত ৰাজ্য চৰকাৰৰ বিভিন্ন কল্যাণকামী আঁচনিসমূহৰ পৰ্যালোচনা মুখ্যমন্ত্রীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কোকৰাঝাৰৰ জিলা আয়ুক্ত কাৰ্যালয়ত ৰাজ্য চৰকাৰৰ বিভিন্ন কল্যাণকামী আঁচনিসমূহৰ এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। ড° শৰ্মাই বি টি আৰৰ অন্তৰ্গত কোকৰাঝাৰ, বাওখুংগ্ৰী, দোতমা, গোসাইগাঁও আৰু পৰ্বতঝৰা সমষ্টিত চৰকাৰৰ কেইবাখনো উন্নয়নমূলক আঁচনিৰ ফলপ্ৰসূ ৰূপায়ণ সন্দৰ্ভত সংশ্লিষ্ট বিষয়াসকলৰ সৈতে আলোচনা কৰে। জিলাখনৰ কেতবোৰ ভৱিষ্যতমুখী পৰিকল্পনাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে কোকৰাঝাৰত অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ত হিতাধিকাৰীৰ সংখ্যা এক লাখ ৪০ হাজাৰলৈ বৃদ্ধি কৰা হ’ব। তদুপৰি জিলাখনৰ পাঁচটা সমষ্টিত নতুনকৈ চাৰি হাজাৰ লোকক ৰেচন কাৰ্ড প্ৰদান কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে ।

বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে বি টি আৰত বিগত পাঁচ বছৰত চৰকাৰে শান্তি স্থাপন কৰিলে আৰু অনাগত পাঁচ বছৰত তেওঁলোকে এইখণ্ডত সমতা, বিকাশ আৰু প্ৰগতিৰ হকে কাম কৰিব। ড° শৰ্মাই আজি চৰাইখোলা অতিথিগৃহত বিভিন্ন দল-সংগঠনৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাসমূহ শীঘ্ৰেই সমাধান কৰাৰ আশ্বাস দিয়ে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কোকৰাঝাৰত বিজেপিৰ এখন কৰ্মী সন্মিলনত অংশগ্ৰহণ কৰে। এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে জিলাখনৰ কৰ্মকৰ্তাসকলক তৃণমূল পৰ্যায়ৰ পৰা দলটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ আহ্বান জনায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।