ডাউনলোড
মোবাইল এপ

android apple
signal

ঝাৰখণ্ডত নিহত কোকৰাঝাৰৰ জোৱান প্রাণেশ্বৰ কোচৰ বাসগৃহত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম

ঝাৰখণ্ডৰ বোকাৰো জিলাত সুৰক্ষা বাহিনী আৰু নক্সালবাদীৰ মাজত হোৱা সংঘৰ্ষত নিহত কোকৰাঝাৰৰ জোৱান প্রাণেশ্বৰ কোচৰ বাসগৃহত কালি জিলাখনৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে শোক সন্তপ্ত পৰিয়ালক সমবেদনা জনোৱাৰ লগতে ৰাজ্য চৰকাৰৰ নীতি অনুসৰি পৰিয়ালটোক ৫০ লাখ টকাৰ সাহায্য আগবঢ়োৱা হ’ব বুলি প্ৰকাশ কৰে। তদুপৰি ৰাজ্য চৰকাৰৰ তৃতীয় নাইবা চতুৰ্থ বৰ্গৰ পদত পৰিয়ালটোৰ এগৰাকী সদস্যক নিযুক্তি দিয়া হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। এই সংঘৰ্ষত অসমৰ জোৱানগৰাকী ছহিদ হোৱাৰ উপৰি দুজন নক্সালবাদী নিহত হয়। ছহিদ জোৱান প্রাণেশ্বৰ কোচ চি আৰ পি এফৰ ২০২ নম্বৰ কোব্ৰা ৰেজিমেণ্টত কৰ্মৰত আছিল। সংঘৰ্ষত সুৰক্ষা বাহিনীয়ে উপ-মাণ্ডলিক নক্সাল কমাণ্ডাৰ কুঁৱৰ মাঝি ওৰফে ছাহদেউ মাঝি ওৰফে ছাদেক গুলীয়াই নিধন কৰে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডৰ সংঘৰ্ষত নিহত কোকৰাঝাৰৰ ছহিদগৰাকীলৈ শ্রদ্ধার্ঘ নিবেদন কৰিছে। তেওঁ লগতে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ছহিদগৰাকীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।