সপ্তম খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত অসমৰ জনঞ্জয়জ্যোতি হাজৰিকাৰ দ্বিতীয়টো সোণৰ পদক

অসমৰ জনঞ্জয়জ্যোতি হাজৰিকাই বিহাৰত চলি থকা সপ্তম খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত দ্বিতীয়টো সোণৰ পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। অসমৰ প্ৰতিভাৱান সাঁতোৰবিদগৰাকীয়ে ল’ৰাৰ এশ মিটাৰ বাটাৰফ্লাই শিতানত সোণৰ পদক অৰ্জন কৰে। ইয়াৰ পূৰ্বে জনঞ্জয়ে ল’ৰাৰ ৫০ মিটাৰ বাটাৰফ্লাই শিতানত প্ৰথমটো সোণৰ পদক অৰ্জন কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছিল। ইপিনে টেবল টেনিছৰ ল’ৰাৰ একক শাখাত অসমৰ প্ৰিয়ানুজ ভট্টাচাৰ্য্যই কৰ্ণাটকৰ বৰুণ কাশ্যপক ৩-০ ফলাফলত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।