বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্রধানমন্ত্ৰী তথা বি এন পি নেত্রী খালেদা জিয়াৰ আজি বিয়লি ঢাকাত জানাজা সম্পন্ন কৰা হ’ব। এই কাৰ্যসূচীত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে অংশগ্ৰহণ কৰিব। জানাজাত দক্ষিণ আৰু দক্ষিণ পূব এছিয়াৰ কেইবাখনো দেশৰ প্ৰতিনিধিও উপস্থিত থাকিব। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্ৰীগৰাকীৰ কালি ঢাকাত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ। ১৯৪৬ চনৰ ১৫ আগষ্টত তেতিয়াৰ পূব পাকিস্তানৰ দিনাজপুৰত জন্মগ্ৰহণ কৰা খালেদা জিয়াই পৰৱৰ্তী সময়ত স্বামীৰ দ্বাৰা প্ৰতিষ্ঠিত বাংলাদেশ নেচনেলিষ্ট পাৰ্টীৰ নেতৃত্ব গ্ৰহণ কৰে। ১৯৯০ চনত বাংলাদেশৰ সাধাৰণ নিৰ্বাচনত বিজয়ী হৈ জামাত-ই-ইছলামীৰ সহযোগত খালেদা জিয়াই চৰকাৰ গঠন কৰে। ২০০৪ চনত বিস্ফোৰণৰ ঘটনাত দোষী সাব্যস্ত বুলি শ্বেখ হাছিনা চৰকাৰে খালেদা জিয়াক ১৭ বছৰৰ কাৰাদণ্ড বিহে আৰু ইয়াৰ পাছতে তেওঁ লণ্ডনত স্বনিৰ্বাসন যাপন কৰে ।
২০২৪ চনৰ ছাত্ৰবিক্ষোভৰ পৰৱৰ্তী পৰ্যায়ত মহম্মদ ইউনুছৰ নেতৃত্বত তত্বাৱধায়ক চৰকাৰ গঠনৰ পাছতেই খালেদা জিয়াই লণ্ডনৰ পৰা বাংলাদেশলৈ প্ৰত্যাৱৰ্তন কৰে।