December 31, 2025 12:34 PM

views 14

বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্রধানমন্ত্ৰী খালেদা জিয়াৰ দেহাৱসান; ঢাকাত আজি বিয়লি জানাজা

বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্রধানমন্ত্ৰী তথা বি এন পি নেত্রী খালেদা জিয়াৰ আজি বিয়লি ঢাকাত জানাজা সম্পন্ন কৰা হ'ব। এই কাৰ্যসূচীত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে অংশগ্ৰহণ কৰিব। জানাজাত দক্ষিণ আৰু দক্ষিণ পূব এছিয়াৰ কেইবাখনো দেশৰ প্ৰতিনিধিও উপস্থিত থাকিব। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্ৰীগৰাকীৰ কালি ঢাকাত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ। ১৯৪৬ চনৰ ১৫ আগষ্টত তেতিয়াৰ পূব পাকিস্তানৰ দিনাজপুৰত জন্মগ্ৰহণ কৰা খালেদা জিয়াই পৰৱৰ্তী সময়ত স্বামী...