ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বিজেপিয়ে এখন ৰাষ্ট্ৰ এজন নেতাৰ ধাৰণাক প্ৰচাৰ কৰা বুলি অভিযোগ কেজৰিৱালৰ

আম আদমী পাৰ্টিৰ জ্যেষ্ঠ নেতা অৰবিন্দ কেজৰিৱালে আজি বিজেপিয়ে এখন ৰাষ্ট্ৰ এজন নেতাৰ ধাৰণাক প্ৰচাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে। শ্ৰীকেজৰিৱালে কয় যে, বিজেপিয়ে নানা ভুৱা অভিযোগেৰে আম আদমী পার্টিক চূৰ্ণ কৰিব বিচাৰিছে, কিন্তু এয়া সম্ভৱ নহয় কাৰণ আম আদমী পাৰ্টি কেৱল এটা ৰাজনৈতিক দল নহয় বৰং ই এটা আদর্শবাদ।
নতুন দিল্লীত এখন সংবাদমেলত কেজৰিৱালে কেন্দ্ৰত আই এন ডি আই মিত্ৰজোটে পৰৱৰ্তী চৰকাৰ গঠন কৰিব আৰু আপ চৰকাৰৰ অংশ হ’ব আস্থা ব্যক্ত কৰে। ইয়াৰ লগতে তেওঁ বিজেপিক কলংকিত আৰু দুৰ্নীতিগ্ৰস্ত নেতাক দলত অন্তৰ্ভুক্ত কৰে বুলি অভিযোগ উত্থাপন কৰি দলটোৱে বিৰোধী দলৰ নেতাক ভুৱা অভিযোগেৰে কাৰাগাৰলৈ পঠিয়াবলৈ চেষ্টা চলাইছে বুলিও উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।