February 18, 2025 1:27 PM | Karbi Festival

printer

কাৰ্বি জনগোষ্ঠীৰ লোক উৎসৱ দেহাল কাছিৰদম উলহ মালহেৰে উদযাপন

ৰাজ্যৰ কাৰ্বি জনগোষ্ঠী লোকসকলে আজি তেওঁলোকৰ লোক উৎসৱ দেহাল কাছিৰদম আধ্যাত্মিক পৰম্পৰা ৰীতি-নীতিৰে উলহ মালহেৰে উদযাপন কৰিছে। ফাগুন মাহৰ প্ৰথম সপ্তাহৰ মঙলবাৰটোক পৱিত্ৰ দিন হিচাপে গণ্য কৰি কাৰ্বি লোকসকলে তেওঁলোকৰ উপাস্য দেৱতাক সকলোৰে মঙ্গল কামনা কৰি পূজা অৰ্চনা কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই এই উপলক্ষে কাৰ্বি ভাই-ভনীসকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সমগ্ৰ ৰাজ্যবাসীৰ কল্যাণৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই উপলক্ষে কার্বি ভাই-ভনীসকলৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছে। এটা শুভেচ্ছা বার্তাত তেওঁ এই উৎসৱে জনগোষ্ঠীটোৰ জনজীৱনত সুখ-সমৃদ্ধি আৰু সমন্বয় বতৰা কঢ়িয়াই আনিব বুলি আশা প্রকাশ কৰে ।