February 19, 2025 7:56 PM

views 13

১৬ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত ৫১ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ আজি সামৰণি

কাৰ্বি আংলং জিলাৰ ডিফুৰ সমীপৰ তাৰালাংছ'ত ১৬ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত ৫১ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ আজি সামৰণি পৰিব। কাৰ্বি সাংস্কৃতিক সমাজৰ উদ্যোগত আয়োজিত এই মহোৎসৱৰ আজি সামৰণিৰ দিনা কেইবাটাও শিতানত প্রতিযোগিতা অনুষ্ঠিত হয়। তাৰালাংছ'ৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰা মহোৎসৱস্থলীত নিৰ্মাণ কৰা বিভিন্ন জনগোষ্ঠীৰ গাঁওখনে বহু লোকক আকৰ্ষণ কৰে। মহোৎসৱৰ অংশ হিচাপে কাৰ্বি, ডিমাছা, বড়ো, তিৱা, গাৰো, ৰেংমা, কুকি, ৰাভাকে ধৰি কেইবাটাও জনগোষ্ঠীৰ খাদ্যসম্ভাৰ পৰিবেশন কৰা হয়। তদুপৰি জনগোষ্ঠীয় শিল্পকলা, হস্তকলা আ...

February 18, 2025 1:30 PM

views 24

কালিৰে পৰা ৩৩ সংখ্যক কেন্দ্রীয় কার্বি দেহাল কাৰ্চিদম উৎসৱৰ আয়োজন

কার্বি বাংথে আছেম কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু বৰচিলা আঞ্চলিক সমিতিৰ সহযোগত গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰৰ ডিগাৰুৰ ঐতিহাসিক বৰচিলা দেহাল থানত কালিৰে পৰা ৩৩ সংখ্যক কেন্দ্রীয় কার্বি দেহাল কাৰ্চিদম উৎসৱৰ আয়োজন কৰা হৈছে। আজি দিনৰ ভাগত হ'বলগীয়া মুকলি সভাত ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী-বিধায়কৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে ।

February 18, 2025 1:27 PM

views 92

কাৰ্বি জনগোষ্ঠীৰ লোক উৎসৱ দেহাল কাছিৰদম উলহ মালহেৰে উদযাপন

ৰাজ্যৰ কাৰ্বি জনগোষ্ঠী লোকসকলে আজি তেওঁলোকৰ লোক উৎসৱ দেহাল কাছিৰদম আধ্যাত্মিক পৰম্পৰা ৰীতি-নীতিৰে উলহ মালহেৰে উদযাপন কৰিছে। ফাগুন মাহৰ প্ৰথম সপ্তাহৰ মঙলবাৰটোক পৱিত্ৰ দিন হিচাপে গণ্য কৰি কাৰ্বি লোকসকলে তেওঁলোকৰ উপাস্য দেৱতাক সকলোৰে মঙ্গল কামনা কৰি পূজা অৰ্চনা কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই এই উপলক্ষে কাৰ্বি ভাই-ভনীসকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সমগ্ৰ ৰাজ্যবাসীৰ কল্যাণৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই উপলক্ষে কার্বি ভাই-ভনীসকলৰ প্ৰতি শুভেচ্ছা জ...

February 16, 2025 8:03 PM

views 10

কাৰ্বি আংলং জিলাৰ তাৰালাংছ’ত ৫১ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত

কাৰ্বি আংলং জিলাৰ ডিফুৰ সমীপৰ তাৰালাংছ'ত আজিৰে পৰা ৫১ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। কাৰ্বি সাংস্কৃতিক সমাজৰ উদ্যোগত পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজিত কাৰ্বি যুৱ মহোৎসৱ কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে উদ্বোধন কৰে। উদ্বোধনী ভাষণত শ্ৰীৰংহাঙে কয়, যে ভাষা সাহিত্য আৰু সংস্কৃতি এটা জাতিৰ পৰিচয় দাঙি ধৰে। কাৰ্বি ভাষা সাহিত্য বিকাশৰ ক্ষেত্ৰত ৰাজনীতিক একাষৰীয়া কৰি সকলোকে একেখন মঞ্চত মিলিত হ'বলৈ তেওঁ আহ্বান জনায়। উদ্বোধনী অনুষ্ঠানৰ পাছতে বিভ...