কেন্দ্ৰীয় চৰকাৰে অসমৰ বাবে পুনৰ প্ৰধানমন্ত্রী আৱাস যোজনা গ্রামীণৰ অধীনত ৩ লাখ ৭৬ হাজাৰ বাসগৃহৰ অনুমোদন জনাইছে বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি প্রধানমন্ত্রী আৱাস যোজনা, গ্রামীণৰ অধীনত ৫৫ হাজাৰ হিতাধিকাৰীৰ গৃহ প্ৰৱেশ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই কথা জানিবলৈ দিয়ে। অসমৰ কৃষিভূমি পৰীক্ষাৰ বাবে কেন্দ্ৰীয় চৰকাৰে কৃষি বিজ্ঞানীৰ ৫৬ টা দল গঠন কৰিব বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰী চৌহানে কয়, যে ৰাজ্য চৰকাৰৰ বিষয়াসকলৰ সৈতে বিজ্ঞানীসকলে আলোচনা কৰিব আৰু কি মাটিত কি খেতি কৰিলে ভাল হ’ব সেই সন্দৰ্ভত কৃষকক অৱগত কৰিব। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ অব্যাহত থাকিব বুলিও তেওঁ লগতে মন্তব্য কৰে। এই অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে লখিমী মিস্ত্ৰী আঁচনিৰ লগতে ২১ টা জ্ঞান কেন্দ্ৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু কৃষি বিভাগৰ কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে অহা অক্টোবৰৰ পৰা বছা বছা কেইখনমান জিলাৰ হিতাধিকাৰীৰ মাজত ৰাজ সাহায্যযুক্ত মচুৰ দাইল, চেনি আৰু নিমখ বিতৰণ কৰা হ’ব। সেই অনুসৰি হিতাধিকাৰীসকলে প্ৰতিকেজি মচুৰ দাইল ৬৯ টকা, চেনি ৩৮ টকা আৰু নিমখ ১০ টকা দৰত লাভ কৰিব। অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰা আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকে৷
Site Admin | May 17, 2025 9:01 PM | kalakshetra meeting cm shivraj sing chouhan
অসমৰ বাবে পুনৰ প্ৰধানমন্ত্রী আৱাস যোজনা গ্রামীণৰ অধীনত ৩ লাখ ৭৬ হাজাৰ বাসগৃহৰ অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ