ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 17, 2025 7:59 PM | Kabadi

printer

কাবাডী বিশ্বকাপ ২০২৫ ত ভাৰতীয় পুৰুষ দলৰ ইটালীৰ দলটোক ৬৪-২২ পইণ্টৰ ব্যৱধানত পৰাস্ত

ইংলেণ্ডত আজি কাবাডী বিশ্বকাপ ২০২৫ আৰম্ভ হৈছে। প্ৰতিযোগিতাৰ নিজৰ প্ৰথমখন খেলত ভাৰতীয় পুৰুষ দলে ইটালীৰ দলটোক ৬৪-২২ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে কাবাডী বিশ্বকাপৰ উদ্বোধনী খেলখনত ইংলেণ্ডে হাংগেৰীক ১০১-২৫ ফলাফলত পৰাস্ত কৰে। পোনপ্ৰথমবাৰৰ বাবে এছিয়াৰ বাহিৰত আয়োজিত কাবাড়ী বিশ্বকাপত এইবাৰ ৬০ খনতকৈও অধিক খেল খেলোৱা হ’ব। পুৰুষৰ শাখাত ১০ টা আৰু মহিলাৰ শাখাত ছটা দলে অংশগ্ৰহণ কৰিছে। উল্লেখযোগ্য যে ২০১৯ চনত মালয়েছিয়াই আয়োজন কৰা কাবাড়ী বিশ্বকাপৰ প্ৰথমটো সংস্কৰণত ভাৰতে পুৰুষ আৰু মহিলা উভয় শাখাতে চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰিছিল।

 

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।