অসম প্রদেশ বিজেপিয়ে শিল্পী জুবিন গাৰ্গৰ প্রতি ন্যায় সুনিশ্চিত কৰাৰ বাবে সামাজিক মাধ্যমত ময়ো জুবিন, আমিও জুবিন শীর্ষক এটা ডিজিটেল প্ৰচাৰ অভিযান আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আজি গুৱাহাটীত এই কথা প্ৰকাশ কৰি কয়, যে জুবিন গাৰ্গৰ অস্বাভাবিক মৃত্যুৰ তদন্ত স্বচ্ছ আৰু নিৰপেক্ষ হোৱাটো বিজেপি দলেও কামনা কৰে আৰু সেইবাবেই সামাজিক মাধ্যমত এই অভিযান চলোৱাৰ সিদ্ধান্ত লোৱা হৈছে।
প্রদেশ বিজেপিয়ে নিজাববীয়াকৈ জুবিন গাৰ্গৰ স্মৃতিত আন কেইবাটাও কার্যসূচী গ্ৰহণ কৰিব।