December 5, 2025 6:36 PM

views 28

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত ১২ ডিচেম্বৰৰ ভিতৰত এছ আই টিৰ অভিযোগনামা দাখিলৰ সম্ভাৱনা

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত গঠন কৰা বিশেষ তদন্তকাৰী গোট এছ আই টিয়ে এই গোচৰৰ তদন্ত প্রক্রিয়া প্রায় সম্পূৰ্ণ কৰিছে আৰু ১২ ডিচেম্বৰৰ ভিতৰত অভিযোগনামা দাখিল কৰিব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি সাংবাদিকৰ আগত এই বিষয়ে প্রকাশ কৰে। তেওঁ কয়, যে এছ আই টিয়ে বৃহৎ সংখ্যক সাক্ষ্য প্রমাণ লাভ কৰাৰ লগতে প্রায় তিনি হাজাৰ পৃষ্ঠাৰ অভিযোগনামা সাজু কৰিছে আৰু নিৰ্ধাৰিত সময়ৰ পূর্বেই ইয়াক দাখিল কৰা হ'ব।

November 18, 2025 6:52 PM

views 25

ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্ত বাবে যাৱতীয় অনুমোদন লাভ

 কেন্দ্ৰীয় চৰকাৰে জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্ত চলোৱাৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ২০৮ ধাৰাৰ অধীনত যাৱতীয় অনুমোদন লাভ কৰিছে। গৃহ মন্ত্ৰ্যালয়ৰ অনুমতিয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত অসম আৰক্ষীয়ে প্ৰস্তুত কৰা অভিযোগনামা দাখিলৰ পথ প্রশস্ত কৰিলে। উল্লেখযোগ্য যে দেশৰ বাহিৰত কোনো অপৰাধ সংঘটিত হ'লে কেন্দ্ৰীয় চৰকাৰে অনুমতি প্ৰদান নকৰালৈকে আদালতে সেই গোচৰৰ অভিযোগনামা গ্ৰহণ নকৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ আইনী কাম-কাজ আগবঢ়াই নিবলৈ কেন্দ্রীয় চৰকাৰৰ পৰা প্ৰয়োজনীয় অনুমতি লাভ কৰা ...

November 1, 2025 12:42 PM

views 38

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সংক্রান্তত অহা ১৭ ডিচেম্বৰৰ ভিতৰত এছ আই টিৰ অভিযোগ দাখিলৰ সম্ভাৱনা

 জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সংক্রান্তত বিশেষ অনুসন্ধানকাৰী গোটৰ তদন্ত সঠিক দিশত আশানুৰূপভাৱে আগবাঢ়িছে আৰু অহা ১৭ ডিচেম্বৰৰ ভিতৰত এছ আই টিয়ে অভিযোগনামা দাখিল কৰিব পাৰিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। গুৱাহাটীত কালি সন্ধিয়া এটা অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীয়ে কয়, যে জুবিন গাৰ্গক ন্যায় দিবলৈ সমর্থ হ'ব বুলি এছ আই টিৰ প্ৰকাশ কৰিছে। তেওঁ লগতে ৰাজ্য চৰকাৰে ছিংগাপুৰ কৰ্তৃপক্ষৰ পৰা কালি জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ বিস্তৃত প্রতিবেদন লাভ কৰিছে বুলি প্রক...

October 17, 2025 8:08 PM

views 47

বিজেপিৰ ময়ো জুবিন, আমিও জুবিন শীর্ষক এটা ডিজিটেল প্ৰচাৰ অভিযান

অসম প্রদেশ বিজেপিয়ে শিল্পী জুবিন গাৰ্গৰ প্রতি ন্যায় সুনিশ্চিত কৰাৰ বাবে সামাজিক মাধ্যমত ময়ো জুবিন, আমিও জুবিন শীর্ষক এটা ডিজিটেল প্ৰচাৰ অভিযান আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আজি গুৱাহাটীত এই কথা প্ৰকাশ কৰি কয়, যে জুবিন গাৰ্গৰ অস্বাভাবিক মৃত্যুৰ তদন্ত স্বচ্ছ আৰু নিৰপেক্ষ হোৱাটো বিজেপি দলেও কামনা কৰে আৰু সেইবাবেই সামাজিক মাধ্যমত এই অভিযান চলোৱাৰ সিদ্ধান্ত লোৱা হৈছে। প্রদেশ বিজেপিয়ে নিজাববীয়াকৈ জুবিন গাৰ্গৰ স্মৃতিত আন কেইবাটাও কার্যসূচী গ্ৰহণ কৰিব।

October 17, 2025 7:14 PM

views 40

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত সম্পৰ্কত তথ্য সংগ্ৰহৰ বাবে ৰাজহুৱা জাননী জাৰি

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে ন্যায়াধীশ সৌমিত্র শইকীয়াৰ নেতৃত্বত গঠন কৰা এজনীয়া ন্যায়িক আয়োগে এই ঘটনা সম্পৰ্কত তথ্য সংগ্ৰহৰ বাবে ৰাজহুৱা জাননী জাৰি কৰিছে। সেই অনুসৰি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কোনো লোকৰ হাতত কোনো তথ্য থাকিলে তেওঁলোকে শপতনামাৰ জৰিয়তে এই তথ্য আয়োগক জনাব পাৰিব। গুৱাহাটীৰ চানমাৰিৰ খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডৰ কাৰ্যালয়ত থকা আয়োগৰ কাৰ্যালয়ত অহা ৩ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰৰ দিনৰ চাৰে ১০ বজাৰ পৰা বিয়লি চাৰি বজাৰ ভিতৰত এনে তথ্য সম্বলিত শপতনামা দাখিল ...