জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সংক্রান্তত বিশেষ অনুসন্ধানকাৰী গোটৰ তদন্ত সঠিক দিশত আশানুৰূপভাৱে আগবাঢ়িছে আৰু অহা ১৭ ডিচেম্বৰৰ ভিতৰত এছ আই টিয়ে অভিযোগনামা দাখিল কৰিব পাৰিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। গুৱাহাটীত কালি সন্ধিয়া এটা অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীয়ে কয়, যে জুবিন গাৰ্গক ন্যায় দিবলৈ সমর্থ হ’ব বুলি এছ আই টিৰ প্ৰকাশ কৰিছে। তেওঁ লগতে ৰাজ্য চৰকাৰে ছিংগাপুৰ কৰ্তৃপক্ষৰ পৰা কালি জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ বিস্তৃত প্রতিবেদন লাভ কৰিছে বুলি প্রকাশ কৰে। ড° শৰ্মাই কয়, যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ লগতে ছিংগাপুৰ কর্তৃপক্ষই শিল্পীগৰাকীৰ টক্সিক’লজি প্রতিবেদনো প্ৰেৰণ কৰিছে।
জুবিন গাৰ্গৰ যোৱা ১৯ ছেপ্তেম্বৰত ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ পাছত ছিংগাপুৰৰ চিকিৎসালয়তে প্ৰথমটো মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল। ইয়াৰ পাছত ২৩ ছেপ্তেম্বৰত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে পুনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৰণোত্তৰ পৰীক্ষা কৰা হয়।