ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত ৭ জন ব্যক্তিক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্রেৰণ

কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, সন্দীপন গার্গ, অমৃতপ্রভা মহন্ত, শেখৰজ্যোতি গোস্বামী, দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। ষট পূজা উপলক্ষে আজি আদালতৰ কাম-কাজ বন্ধ থকাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে কালিয়েই পাঁচোজন অভিযুক্তক ভার্চুবেল মাধ্যমেৰে আদালতত হাজিৰ কৰোৱা হয়। পাছত আদালতে আটাইকেইজন অভিযুক্তকে পুনৰ ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

ইপিনে বিশিষ্ট সাহিত্যিক ড০ ৰীতা চৌধুৰীয়ে আজি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত চলি থকা তদন্তৰ প্রক্রিয়াত সহযোগিতা আগবঢ়াই গুৱাহাটীৰ উলুবাৰীৰ চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হৈ এছ আই টিৰ ওচৰত সাক্ষ্য প্রদান কৰে। তেওঁ তদন্তকাৰী গোটক সাক্ষ্য প্ৰদান কৰাৰ পাছত সাংবাদিকৰ সৈতেও মত বিনিময় কৰে। বিশিষ্ট সাহিত্যিকগৰাকীয়ে শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ কিছুদিন পূর্বে লোৱা এটা সাক্ষাৎকাৰৰ কথা উল্লেখ কৰি কয়, যে সাক্ষাৎকাৰ গ্ৰহণ কৰাৰ সময়তো তেওঁ জুবিন গাৰ্গৰ শাৰীৰিক অসুস্থতাৰ উমান পাইছিল। সাক্ষাৎকাৰ লোৱাৰ সময়ত জুবিন গার্গে যথেষ্ট উৎসাহেৰে সাহিত্যিকগৰাকীৰ সৈতে কথা পাতিছিল আৰু তেওঁক হতাশ যেন লগা নাছিল বুলিও ড০ চৌধুৰীয়ে সাংবাদিকৰ আগত কয়।

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত চলি থকা গোচৰত আজি চাংসাৰি আঞ্চলিক ৰঙালী বিহুৰ বিষয়ববীয়াও বিশেষ তদন্তকাৰী গোটৰ ওচৰত সাক্ষ্য প্ৰদান কৰে। একেদৰে বাদ্যযন্ত্রী চবিন দাসেও আজি এছ আই টিৰ ওচৰত ভাষ্য প্রদান কৰে।