January 22, 2026 6:59 PM

views 29

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা পাঁচজন অভিযুক্তৰ জামিন আবেদন সন্দর্ভত আজি শুনানি গ্রহণ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা পাঁচজন অভিযুক্তৰ জামিন আবেদন সন্দৰ্ভত আজি কামৰূপ মহানগৰ জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতত শুনানি অনুষ্ঠিত হয়। শুনানিকালত অভিযুক্ত শ্যামকানু মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিন আবেদন দুখন প্ৰত্যাহাৰ কৰাৰ বাবে অভিযুক্ত দুজনৰ অধিবক্তাই আদালতৰ অনুমতি বিচাৰে। অসম চৰকাৰক প্ৰতিনিধিত্ব কৰা লোক অধিবক্তা জিয়াউল কামাৰে বিষয়টোৰ বিৰোধিতা নকৰাত আদালতে অভিযুক্ত দুজনৰ জামিন আবেদন প্রত্যাহাৰ কৰাৰ অনুমতি প্ৰদান কৰে। ইয়াৰ পাছত এই গোচৰৰ আন ৩ জন অভিযুক্ত অমৃত প্রভা মহন্ত, ...

October 28, 2025 8:00 PM

views 35

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত ৭ জন ব্যক্তিক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্রেৰণ

কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, সন্দীপন গার্গ, অমৃতপ্রভা মহন্ত, শেখৰজ্যোতি গোস্বামী, দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। ষট পূজা উপলক্ষে আজি আদালতৰ কাম-কাজ বন্ধ থকাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে কালিয়েই পাঁচোজন অভিযুক্তক ভার্চুবেল মাধ্যমেৰে আদালতত হাজিৰ কৰোৱা হয়। পাছত আদালতে আটাইকেইজন অভিযুক্তকে পুনৰ ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। ইপিনে বিশিষ...