জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা পাঁচজন অভিযুক্তৰ জামিন আবেদন সন্দর্ভত আজি শুনানি গ্রহণ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা পাঁচজন অভিযুক্তৰ জামিন আবেদন সন্দৰ্ভত আজি কামৰূপ মহানগৰ জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতত শুনানি অনুষ্ঠিত হয়। শুনানিকালত অভিযুক্ত শ্যামকানু মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিন আবেদন দুখন প্ৰত্যাহাৰ কৰাৰ বাবে অভিযুক্ত দুজনৰ অধিবক্তাই আদালতৰ অনুমতি বিচাৰে। অসম চৰকাৰক প্ৰতিনিধিত্ব কৰা লোক অধিবক্তা জিয়াউল কামাৰে বিষয়টোৰ বিৰোধিতা নকৰাত আদালতে অভিযুক্ত দুজনৰ জামিন আবেদন প্রত্যাহাৰ কৰাৰ অনুমতি প্ৰদান কৰে। ইয়াৰ পাছত এই গোচৰৰ আন ৩ জন অভিযুক্ত অমৃত প্রভা মহন্ত, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ জামিন আবেদন সন্দর্ভত শুনানি অনুষ্ঠিত হয়। শুনানীৰ সময়ত লোক অধিবক্তাই অভিযুক্ত ৩ জনৰ জামিনৰ বিৰোধিতা কৰি আবেদন দাখিল কৰে। একেদৰে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ হৈ ওকালতি কৰা অধিবক্তাগৰাকীয়েও অভিযুক্ত ৩ জনৰ জামিনৰ বিৰোধিতাৰে আদালতত আবেদন দাখিল কৰে। ন্যায়ালয়ে দুয়োপক্ষৰ যুক্তি তর্ক শুনাৰ পাছত অহা ৩০ জানুৱাৰীত অভিযুক্ত ৩ জনৰ জামিন আবেদন সন্দৰ্ভত ৰায় প্ৰদানৰ দিন ধার্য কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।