অসম চৰকাৰৰ সহযোগত যোৰহাট কৃষি বিশ্ববিদ্যালয়ে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো জিন বেংক প্ৰতিষ্ঠা কৰিছে। এই বেংকত ৭ হাজাৰ ধানৰ সঁচ সংৰক্ষণ কৰা হ’ব। বিশ্ববিদ্যালখনে যোৱা ৫ বছৰত ধান, সৰিয়হ, তিল, বেঙেনা, মাহ জাতীয় শস্য, কণী ধানকে ধৰি ২৪ বিধ শস্যৰ সঁচ উদ্ভাৱন কৰিছে। দেশৰ বিভিন্ন ৰাজ্যত উদ্ভাৱিত কেইবাবিধো শস্যৰ সঁচো বিশ্ববিদ্যালয়খনে কৃষক ৰাইজৰ সুবিধাৰ্থে অনুমোদন জনাইছে। কালি এখন সংবাদমেলত বিশ্ববিদ্যালয়খনৰ কৃষি, গৱেষণা সঞ্চালক ড° সঞ্জয় কুমাৰ চেতিয়াই এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে যোৱা কেইবছৰমানৰ ভিতৰত বিশ্ববিদ্যালয়খনৰ উদ্যোগত জহা চাউল, কাজি নেমু, গামোচা, জুদিমা আদিয়ে ভৌগোলিক সূচ্যাংক লাভ কৰিবলৈ সমৰ্থ হৈছে। তদুপৰি অৰুণাচল প্ৰদেশৰ মনপা গোমধান, কাৰ্বি আৰু দেউৰীসকলৰ পৰম্পৰাগত সাজ-পোছাক তথা অলংকাৰৰ ভৌগোলিক সূচ্যাংক অর্থাৎ জি আই টেগ আহৰণৰ প্ৰচেষ্টাও অব্যাহত আছে বুলি তেওঁ প্ৰকাশ কৰে। যোৱা ৫ বছৰত বিশ্ববিদ্যালয়খনে চাহপাত শুকুওৱা যন্ত্ৰ, উপকাৰী ভেঁকুৰ কৰ্ষণৰ সংৰক্ষণ পদ্ধতি আৰু তৰলীকৃত জৈৱিক কীটনাশক সহ চাৰিটা প্ৰযুক্তিৰে পেটেণ্ট লাভ কৰিবলৈও সমর্থ হৈছে। অন্য ১১ বিধ প্রযুক্তি পেটেণ্টৰ বাবে আবেদন কৰা হৈছে বুলি সঞ্চালকগৰাকীয়ে কয়। কৃষক সমাজৰ সুবিধার্থে বিশ্ববিদ্যালয়খনে যোৱা ৫ বছৰত ৫০ টা প্রযুক্তি কৌশল বাণিজ্যিকীকৰণৰ প্ৰচেষ্টাও গ্ৰহণ কৰিছে। বিশ্ববিদ্যালয়খনে উদ্ভাৱন কৰা লাৱণ্য নামৰ ধানৰ সঁচবিধক ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ১৫ বছৰৰ বাবে পঞ্জীয়ন কৰিছে আৰু ইয়াৰ ফলত সঁচবিধৰ বাণিজ্যিকীকৰণ সম্ভৱ হ’ব বুলি সঞ্চালকগৰাকীয়ে কয়। কৃষি বিশ্ববিদ্যালয়খনে এই বছৰ শস্য ৰক্ষক নামৰ এটা ম’বাইল এপ মুকলি কৰিছে।
Site Admin | July 31, 2025 1:17 PM | jorhat agre university
যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো জিন বেংক প্ৰতিষ্ঠা
