ডাউনলোড
মোবাইল এপ

android apple
signal

দিব্যাংগ গৱেষকসকলকে ধৰি পূৰ্ণকালীন গৱেষক ছাত্ৰ-ছাত্ৰীসকলক জীৱন অনুপ্ৰেৰণা আঁচনিৰ অন্তৰ্ভুক্ত

মন্ত্রীসভাই মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনিৰ পৰিসৰ বৃদ্ধি কৰি অসমত থকা কেন্দ্ৰ বা ৰাজ্য চৰকাৰৰ অনুষ্ঠানসমূহত ২০২১ চনৰ এক এপ্ৰিলৰ পৰা ভৰ্তি হোৱা দিব্যাংগ গৱেষকসকলকে ধৰি পূৰ্ণকালীন গৱেষক ছাত্ৰ-ছাত্ৰীসকলক এই আঁচনিত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। এই আঁচনিৰ জৰিয়তে ১০ হাজাৰ গৰাকী গৱেষক ছাত্র-ছাত্রী উপকৃত হ’ব। লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কালি এইকথা প্রকাশ কৰে। ৰাজ্যিক মন্ত্রীসভাই বঙাইগাওঁ সংমণ্ডলৰ লোক নির্মাণ বিভাগৰ সহকাৰী অভিযন্তাই যোশীতা দাসৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাৰ তদন্ত চিবিআইলৈ হস্তান্তৰ কৰাত অনুমোদন জনায়। ইয়াৰ উপৰি বদৰপুৰত খোৱাপানী যোগানৰ বাবে মন্ত্রীসভাই ৪৯ কোটিৰো অধিক ব্যয় সাপেক্ষ বদৰপুৰ নগৰ পানী যোগান আঁচনিত অনুমোদন জনায়। ৰাজ্যিক মন্ত্রীসভাই মিছন বসুন্ধৰা তৃতীয় পর্যায় সন্দৰ্ভতো ভালেমান সিদ্ধান্ত গ্ৰহণ কৰে। এই অনুসৰি ৮ খন জিলাৰ ২৯৯ খন বার্ষিক পট্টা ম্যাদী পট্টালৈ ৰূপান্তৰ, ১০ টা আন্তঃগাঁথনিৰ বাবে ভূমি আৱণ্টন, ডিব্ৰুগড়ত ভূমি পুনৰ শ্ৰেণী বিভাজন, ৭ খন জিলাৰ ১৯০ টা ন্যায়িক অনুষ্ঠানলৈ ভূমি হস্তান্তৰ আৰু ধেমাজিত এহেজাৰ ৭৪২ টা ভূমিহীন খিলঞ্জীয়া পৰিয়ালৰ ভূমি নিষ্পত্তিত অনুমোদন জনোৱা হয়। তদুপৰি ২০১১ চনৰ পূৰ্বে তিৰাপ জনজাতীয় অঞ্চলৰ ভূমিৰ অধিকাৰ থকা আহোম, কোচ ৰাজবংশী, মৰাণ, মটক, চুতীয়া, গোৰ্খা, চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ লোকসকলক সংৰক্ষিত লোকৰ শ্ৰেণীৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ মন্ত্ৰীসভাই অনুমোদন জনায়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।