ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙৰ উপস্থিতিত গুৱাহাটীৰ উলুবাৰীত কেন্দ্ৰীয় প্রশাসনিক ন্যায়াধীকৰণৰ নতুন আদালত আৰু কার্যালয় উদ্বোধন

প্রধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ৰাজ্যমন্ত্ৰী ড° জীতেন্দ্ৰ সিঙে আজি গুৱাহাটীৰ উলুবাৰীৰ কেন্দ্ৰীয় প্রশাসনিক ন্যায়াধিকৰণৰ গুৱাহাটী শাখাৰ নতুন আদালত আৰু কাৰ্যালয়টো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই উপলক্ষে ড° সিঙে কয়, যে বিগত ১০ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অগ্ৰাধিকাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ আমূল পৰিৱৰ্তন হৈছে। নৰেন্দ্ৰ মোদীৰ শাসনকালত অঞ্চলটোত ৰে’ল পথ যোগাযোগ সূদৃঢ় হোৱাৰ লগতে ন ন প্রকল্প ৰূপায়িত হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে ২০১৪ চনৰ পূৰ্বে কেন্দ্ৰীয় প্রশাসনিক ন্যায়াধিকৰণত ব্যাপক সংখ্যক গোচৰ বিচৰাধীন আছিল কিন্তু বিগত ১০ বছৰত ৯৫ শতাংশ গোচৰ নিষ্পত্তি কৰা হৈছে । তেওঁ কয়, যে কেন্দ্রীয় প্রশাসনিক ন্যায়াধীকৰণ আৰু ইয়াৰ ক্ষীপ্ৰ ন্যায় প্ৰদান অভিযানত সহায় সহযোগ আগবঢ়াবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ। এই অনন্য প্ৰতিষ্ঠানৰ সততাৰ সংৰক্ষণ কৰাৰ বাবে সংশ্লিষ্ট সকলো পক্ষৰ সৈতে সহযোগিতা কৰিবলৈ চৰকাৰ সাজু বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। অনুষ্ঠনত ৰাজ্যৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।