ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 4, 2025 1:12 PM | Jharkhand

printer

আজি ৰাষ্ট্ৰীয় মহিলা আৰু শিশু বিকাশ প্ৰতিষ্ঠানৰ নতুন আঞ্চলিক কেন্দ্ৰ মুকলি

মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূর্ণা দেৱীয়ে আজি ঝাৰখণ্ডৰ ৰাঁচীৰ সাৱিত্ৰীবাই ফুলে ৰাষ্ট্ৰীয় মহিলা আৰু শিশু বিকাশ প্ৰতিষ্ঠানৰ নতুন আঞ্চলিক কেন্দ্ৰ মুকলি কৰিব। এই নতুন কেন্দ্ৰটো সামৰ্থ বৃদ্ধিৰ প্ৰচেষ্টাৰ বিকেন্দ্ৰীকৰণ আৰু দেশৰ পূব প্ৰান্তত সেৱা প্ৰদান ব্যৱস্থাৰ উন্নয়নৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ পদক্ষেপৰূপে পৰিগণিত হ’ব। কেন্দ্ৰটোৱে বিশেষকৈ ঝাৰখণ্ড, বিহাৰ, ওড়িশা আৰু পশ্চিমবংগত গুৰুত্ব আৰোপেৰে মিছন শক্তি, মিছন বাৎসল্য, মিছন সক্ষম অংগনৱাড়ী আৰু পোষণ অভিযানৰ দ্বিতীয় সংস্কৰণৰ দৰে ভালেমান উদ্যমৰ প্ৰশিক্ষণ আৰু গৱেষণা আৱশ্যকতা পূৰণ কৰিব। স্থানীয় আৱশ্যকতা পূৰণৰ বাবে হস্তক্ষেপ কৰি তৃণমূল পৰ্যায়ত কেন্দ্ৰীয় আঁচনিসমূহৰ ৰূপায়ণ প্ৰক্ৰিয়া সুদৃঢ় কৰাৰ ক্ষেত্ৰত কেন্দ্ৰটোৱে বিশেষ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।