November 13, 2024 8:29 PM | Jharkhand

printer

ঝাৰখণ্ড বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্রহণ শান্তিপূর্ণভাৱে সম্পন্ন

ঝাৰখণ্ড বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্রহণ আজি শান্তিপূর্ণভাৱে সম্পন্ন হয়। ৰাজ্যখনত বিয়লি ৫ বজালৈ ৬৪ দশমিক ৮-৬ শতাংশ ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰা বুলি জানিব পৰা গৈছে। ২০১৯ চনৰ বিধানসভা নিৰ্বাচনত এই হাৰ আছিল ৬৩ দশমিক ৯ শতাংশ। ভোটদাতাসকলে নির্বাচন বৰ্জনৰ আহ্বান নেওচি সন্তোষজনক হাৰত ভোটদান কৰা বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। আয়োগে লগতে ৰাজ্যখনৰ বাওঁপন্থী উগ্রবাদ প্রভাৱিত এলেকাসমূহত ভোটদানৰ হাৰ পূৰ্বৰ তুলনাত বৃদ্ধি পোৱা বুলি জানিবলৈ দিছে।