ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যৰ ভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি, কাকপথাৰত ছাত্ৰীৰ মৃত্যু

অসমৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছ ৰোগে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। তিনিচুকীয়া জিলাৰ কাকপথাৰত এই ৰোগত আক্ৰান্ত হৈ কালি জয়শ্ৰী চাংমাই নামৰ এগৰাকী ছাত্ৰীৰ মৃত্যু হয়। কাকপথাৰ দপথাৰ মাজগাঁৱৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীগৰাকী এই ৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল। জিলাখনত এতিয়ালৈকে ৯ জন লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাৰ খবৰ আহিছে। ইফালে, যোৰহাট জিলাৰ তিতাবৰতো কালি জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ বৰ্ষা মুণ্ডা নামৰ ৭ বছৰীয়া এটি শিশুৰ মৃত্যু হয়। যোৱা ৭ জুলাইত আক্রান্ত শিশুটিত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও কালি নিশা চিকিৎসাধীন অৱস্থাতে শিশুটিয়ে মৃত্যুক সাৱটি লয়। জামুগুৰিহাটতো জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ অৰূপ নাথ নামৰ ৩৬ বছৰীয়া এজন যুৱকৰ মৃত্যু হয়। তেজপুৰত গৃহৰক্ষী বাহিনীৰ জোৱান হিচাপে কৰ্মৰত যুৱকজনৰ গুৱাহাটী চিকিৎ‍সা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। তীব্ৰ জ্বৰ, মূৰৰ বিষ, বমি আদি সমস্যাই দেখা দিলে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ ল’বলৈ স্বাস্থ্য বিভাগে সকলোকে আহ্বান জনাইছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।