July 21, 2025 11:26 AM

views 15

ৰাজ্যৰ ভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি, কাকপথাৰত ছাত্ৰীৰ মৃত্যু

অসমৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছ ৰোগে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। তিনিচুকীয়া জিলাৰ কাকপথাৰত এই ৰোগত আক্ৰান্ত হৈ কালি জয়শ্ৰী চাংমাই নামৰ এগৰাকী ছাত্ৰীৰ মৃত্যু হয়। কাকপথাৰ দপথাৰ মাজগাঁৱৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীগৰাকী এই ৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল। জিলাখনত এতিয়ালৈকে ৯ জন লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাৰ খবৰ আহিছে। ইফালে, যোৰহাট জিলাৰ তিতাবৰতো কালি জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ বৰ্ষা মুণ্ডা নামৰ ৭ বছৰীয়া এটি শিশুৰ মৃত্যু হয়। যোৱা ৭ জুলা...