ৰাজ্যৰ কেইবাখনো জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগ তৎপৰ হৈ উঠিছে। বিভাগীয় সূত্ৰ অনুসৰি এই ৰোগত আক্ৰান্ত হৈ ৰাজ্যখনত এতিয়ালৈ কমেও ২৬ জন লোকৰ মৃত্যু হৈছে। উজনি আৰু নামনি অসমৰ কেইবাখনো জিলাৰ লগতে বৰাক উপত্যকাত মুঠ ২৫০ জন লোক এই ৰোগত আক্ৰান্ত হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে। চিৰাং জিলাত জাপানীজ এনকেফেলাইটিছ আৰু মেলেৰীয়া ৰোগত চলিত বছৰত কালি পর্যন্ত ৪১১ জন লোক আক্রান্ত হৈছে। ইয়াৰে ৪০৫ জন মেলেৰীয়াত আৰু ছজন লোক এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে। স্বাস্থ্য বিভাগে জিলাখনত ঔষধযুক্ত আঁঠুৱা বিতৰণৰ লগতে প্ৰতিষেধক স্প্রে কৰা, ধোঁৱা দিয়া আৰু সজাগতা কাৰ্যসূচী অব্যাহত ৰাখিছে। কাৰ্বি আংলঙত কালি এই ৰোগত আক্ৰান্ত হৈ দুগৰাকী ৰোগীয়ে প্ৰাণ হেৰুৱায়। বর্তমান ডিফু চিকিৎসা মহাবিদ্যালয়ত এই ৰোগত আক্ৰান্ত হৈ ৯ টি শিশু চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে। ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱালৈ লক্ষ্য ৰাখি জনসাধাৰণক সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে জিলা স্বাস্থ্য বিভাগে আহ্বান জনাইছে। হোজাই জিলাত ৩ জন লোক এই ৰোগত আক্ৰান্ত হৈছে। আটাইকেইজন গুৱাহাটীত চিকিৎসাধীন হৈ আছে আৰু সুস্থ হৈ উঠিছে বুলি স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। জিলাখনৰ স্বাস্থ্য বিভাগে এই ৰোগৰ উপৰি মেলেৰীয়া ৰোগৰ প্ৰাদূৰ্ভাৱ ৰোধ কৰিবলৈ ব্যাপক ব্যৱস্থা গ্ৰহণ কৰিছে।
Site Admin | July 16, 2025 9:07 PM | je assam death 26
ৰাজ্যৰ কেইবাখনো জিলাত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ, এতিয়ালৈ কমেও ২৬জন লোকৰ মৃত্যু
