July 16, 2025 9:07 PM

views 12

ৰাজ্যৰ কেইবাখনো জিলাত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ, এতিয়ালৈ কমেও ২৬জন লোকৰ মৃত্যু

ৰাজ্যৰ কেইবাখনো জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগ তৎপৰ হৈ উঠিছে। বিভাগীয় সূত্ৰ অনুসৰি এই ৰোগত আক্ৰান্ত হৈ ৰাজ্যখনত এতিয়ালৈ কমেও ২৬ জন লোকৰ মৃত্যু হৈছে। উজনি আৰু নামনি অসমৰ কেইবাখনো জিলাৰ লগতে বৰাক উপত্যকাত মুঠ ২৫০ জন লোক এই ৰোগত আক্ৰান্ত হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে। চিৰাং জিলাত জাপানীজ এনকেফেলাইটিছ আৰু মেলেৰীয়া ৰোগত চলিত বছৰত কালি পর্যন্ত ৪১১ জন লোক আক্রান্ত হৈছে। ইয়াৰে ৪০৫ জন মেলেৰীয়াত আৰু ছজন লোক এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে। স্...