গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই গুৱাহাটীৰ নলা-নৰ্দমাসমূহ পৰিষ্কাৰকৰণৰ কাম অহা দেওবাৰৰ ভিতৰত সম্পূৰ্ণ নহ’লে গুৱাহাটী পৌৰ নিগমৰ বিষয়া তথা সংশ্লিষ্ট ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিছে। মন্ত্ৰীগৰাকীয়ে কালি গুৱাহাটীৰ কেইবাটাও কৃত্রিম বানপ্ৰৱণ অঞ্চল পৰিদৰ্শন কৰি নৰ্দমাৰ আৱৰ্জনা আৰু বোকামাটি ততালিকে আঁতৰ নকৰিলে দুৰ্যোগ প্রশমন আইনৰ অধীনত ব্যৱস্থা গ্ৰহণৰ সকীয়নি দিয়ে। যোৱা বৰ্ষৰ পৰা বানমুক্ত গুৱাহাটী অভিযান আৰম্ভ কৰি ৩০ এপ্ৰিলৰ ভিতৰত নৰ্দমা পৰিষ্কাৰ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছিল যদিও সেয়া সম্পূৰ্ণ হৈ নুঠাত মন্ত্ৰীগৰাকীয়ে অসন্তুষ্টি প্ৰকাশ কৰে। লগতে ঠিকাদাৰসকলে আগলৈ দুটা বা তিনিটা কামহে একেলগে ল’ব পাৰিব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মন্ত্ৰী মল্লবৰুৱাই কালি অনিল নগৰ, ৰুক্মিনীগাঁও, বেলতলা, বশিষ্টপুৰ আদি অঞ্চল পৰিদৰ্শন কৰাৰ লগতে স্থানীয় ৰাইজৰ পৰাও সমস্যাসমূহৰ বুজ লয়। গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকা, কামৰূপ মহানগৰ জিলা আয়ুক্তৰ উপৰি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিষয়ববীয়া তথা সংশ্লিষ্ট ৱাৰ্ডৰ পাৰিষদসকলো এই পৰিদৰ্শন কালত উপস্থিত থাকে।
Site Admin | May 16, 2025 11:31 AM | jayanta mallla drain ghy
গুৱাহাটীৰ নলা-নৰ্দমা পৰিষ্কাৰকৰণ অহা দেওবাৰৰ ভিতৰত সম্পূৰ্ণ নহ’লে সংশ্লিষ্ট ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ
