May 16, 2025 11:31 AM

views 27

গুৱাহাটীৰ নলা-নৰ্দমা পৰিষ্কাৰকৰণ অহা দেওবাৰৰ ভিতৰত সম্পূৰ্ণ নহ’লে সংশ্লিষ্ট ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই গুৱাহাটীৰ নলা-নৰ্দমাসমূহ পৰিষ্কাৰকৰণৰ কাম অহা দেওবাৰৰ ভিতৰত সম্পূৰ্ণ নহ'লে গুৱাহাটী পৌৰ নিগমৰ বিষয়া তথা সংশ্লিষ্ট ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিছে। মন্ত্ৰীগৰাকীয়ে কালি গুৱাহাটীৰ কেইবাটাও কৃত্রিম বানপ্ৰৱণ অঞ্চল পৰিদৰ্শন কৰি নৰ্দমাৰ আৱৰ্জনা আৰু বোকামাটি ততালিকে আঁতৰ নকৰিলে দুৰ্যোগ প্রশমন আইনৰ অধীনত ব্যৱস্থা গ্ৰহণৰ সকীয়নি দিয়ে। যোৱা বৰ্ষৰ পৰা বানমুক্ত গুৱাহাটী অভিযান আৰম্ভ কৰি ৩০ এপ্ৰিলৰ ভিতৰত নৰ্দমা পৰিষ্কাৰ কৰাৰ লক্...