পদ্মভূষণ সন্মানেৰে সন্মানিত নৃত্যাচাৰ্য যতীন গোস্বামীৰ আজি ৯৩ সংখ্যক ওপজা দিন উপলক্ষে অনুৰাগীসকলে নৃত্য শিল্পীগৰাকীক শুভেচ্ছা জ্ঞাপন কৰিছে। আজি পুৱাৰে পৰা বহু লোকে যশস্বী শিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হৈ তেওঁক শুভেচ্ছা জ্ঞাপন কৰে। আকাশবাণী গুৱাহাটীৰ তৰফৰ পৰা অনুষ্ঠান কাৰ্যবাহী সমন্বয়ক কাৰ্তিক সুত্ৰধৰ আৰু প্ৰচাৰণ কাৰ্যবাহী ইন্দ্ৰজিত দাসে শিল্পীগৰাকীক ফুলাম গামোচা, আকাশবাণী গুৱাহাটীৰ এটা স্মাৰক আৰু এটা ৰেডিঅ’ ছেটেৰে ওলগ জনায়। পদ্মশ্ৰী সন্মানেৰে সন্মানিত সংগীত, নাটক একাডেমী বঁটা প্ৰাপক ঘনকান্ত বৰা বৰবায়ন, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সূদৰ্শন ঠাকুৰ, কথক নৃত্য গুৰু বিপুল দাস, বিশিষ্ট গীতিকাৰ কীৰ্তিকমল ভূঞা, বিশিষ্ট সাহিত্যিক, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী, ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত চলচ্চিত্র সমালোচক উৎপল দত্ত, কটন কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা উপলা বৰুৱাকে ধৰি বহু গুণমুগ্ধই তেওঁক ওলগ জনাই সুদীৰ্ঘ জীৱন আৰু সুস্বাস্থ্য কামনা কৰে। আকাশবাণী গুৱাহাটীৰ প্ৰতিনিধিৰ সৈতে হোৱা কথা বতৰাত তেওঁ এইদৰে কয়।
Site Admin | August 2, 2025 10:42 PM | jatin goswami birthday
নৃত্যাচাৰ্য যতীন গোস্বামীক ওপজা দিনত আকাশবাণী গুৱাহাটীৰ ওলগ
