August 2, 2025 10:42 PM
15
নৃত্যাচাৰ্য যতীন গোস্বামীক ওপজা দিনত আকাশবাণী গুৱাহাটীৰ ওলগ
পদ্মভূষণ সন্মানেৰে সন্মানিত নৃত্যাচাৰ্য যতীন গোস্বামীৰ আজি ৯৩ সংখ্যক ওপজা দিন উপলক্ষে অনুৰাগীসকলে নৃত্য শিল্পীগৰাকীক শুভেচ্ছা জ্ঞাপন কৰিছে। আজি পুৱাৰে পৰা বহু লোকে যশস্বী শিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হৈ তেওঁক শুভেচ্ছা জ্ঞাপন কৰে। আকাশবাণী গুৱাহাটীৰ তৰফৰ পৰা অনুষ্ঠান কাৰ্যবাহী সমন্বয়ক কাৰ্তিক সুত্ৰধৰ আৰু প্ৰচাৰণ কাৰ্যবাহী ইন্দ্ৰজিত দাসে শিল্পীগৰাকীক ফুলাম গামোচা, আকাশবাণী গুৱাহাটীৰ এটা স্মাৰক আৰু এটা ৰেডিঅ’ ছেটেৰে ওলগ জনায়। পদ্মশ্ৰী সন্মানেৰে সন্মানিত সংগীত, নাটক একাডেমী বঁটা প্ৰাপক ঘনকান্ত বৰা...