ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্যত জাপানীজ এনচেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি, দেৰগাঁৱত এজনৰ মৃত্যু

ৰাজ্যৰ কেইবাটাও অঞ্চলত জাপানীজ এনচেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ ঘটিছে। শেহতীয়াকৈ এই ৰোগত গোলাঘাট জিলাৰ দেৰগাঁৱৰ এজন লোকৰ মৃত্যু হয়। কর্মসূত্ৰে নুমলীগড়ত বাস কৰা লোকজনে কিছুদিনৰ পূৰ্বৰ পৰা তীব্ৰ জ্বৰ আৰু মূৰৰ বিষত ভুগি আছিল। উল্লেখযোগ্য যে বগলী আৰু কণামুচুৰীৰ দৰে চৰাই এই ভাইৰাছৰ মুখ্য বাহক। অতিপাত জ্বৰ, মূৰৰ বিষ, অপ্ৰাসংগিক আৰু বিভ্ৰান্ত হোৱা, সংজ্ঞাহীনতা, শৰীৰৰ অস্বাভাৱিক কঁপনি আৰু শুদ্ধভাৱে কথা ক’বলৈ অসমৰ্থ হোৱা এই জাপানীজ এনচেফেলাইটিছৰ প্ৰধান লক্ষণ ৷ তাৎক্ষণিক চিকিৎসাৰ দ্বাৰা এই ৰোগৰ পৰা জীৱন ৰক্ষা কৰিব পাৰি। এই ৰোগৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ স্বাস্থ্য বিভাগে কেইবাটাও পৰামৰ্শ আগবঢ়াইছে। মহৰ কামোৰৰ পৰা ৰক্ষা কৰিবলৈ সন্ধিয়া আৰু পুৱা পানী জমা হোৱা এলেকালৈ যোৱাটো পৰিহাৰ কৰিব লাগে। ইয়াৰ লগতে পাতল ৰঙৰ, দীঘল হাতৰ কাপোৰ পৰিধান কৰিব লাগে। শোৱাৰ সময়ত আঁঠুৱা ব্যৱহাৰ কৰাৰ লগতে মহৰ প্ৰতিৰোধৰ বাবে কীটনাশক ছটিয়াব লাগে। ঘৰৰ আশে-পাশে থকা নলা-নর্দমাসমূহ পৰিষ্কাৰ কৰি ৰখাৰ লগতে গাহৰিৰ গঁৰাল জাল বা আঁঠুৱাৰে ঢাকি ৰাখিব লাগে। বানৰ পাছত সৃষ্টি হ’ব পৰা বিভিন্ন বাহকজনিত ৰোগ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে। মহৰ পৰা হ’ব পৰা ৰোগ নিৰ্মূলকৰণৰ বাবে ৰাসায়নিক দ্রব্য ছটিওৱাৰ লগতে ঠায়ে ঠায়ে সজাগতামূলক সভা অনুষ্ঠিত কৰা হৈছে। মাজুলী স্বাস্থ্য বিভাগৰ দ্বাৰা কামজান এলেঙীত আজি এটা বিশেষ স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। কমলাবাৰী খণ্ড প্রাথমিক স্বাস্থকেন্দ্ৰৰ অধীনত বিষ্ণুপুৰ গাঁৱত বিভিন্ন ধৰণৰ বাহকজনিক ৰোগ প্ৰতিৰোধ কৰাৰ বাবে স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয় ।