August 2, 2024 12:21 PM

views 25

ৰাজ্যত ডেংগী, মেলেৰীয়া আৰু জাপানীজ এনচেফেলাইটিছ ৰোগৰ ভয়াৱহ ৰূপ ধাৰণ

স্বাস্থ্য বিভাগৰ কঠোৰ পদক্ষেপৰ পাছতো ৰাজ্যত ডেংগী, মেলেৰীয়া আৰু জাপানীজ এনচেফেলাইটিছ ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বৰ্তমানলৈকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৯০ গৰাকীকৈ জাপানীজ এনচেফেলাইটিছ ৰোগত আক্ৰান্ত ৰোগীক ভৰ্তি কৰোৱা হৈছে। তাৰ ভিতৰত ২২ জনৰ ইতিমধ্যে মৃত্যু হৈছে।চিকিৎসা মহাবিদ্যালয়খনত এতিয়াও ৪০ গৰাকীকৈ এনে ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে শেহতীয়াকৈ ২৩ গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ উভতি যোৱা বুলি জানিব পৰা গৈছে। দৰঙত সম্প্ৰতি ১১ জনকৈ লোক জাপানীজ এনচেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে। জিলাখনৰ খাৰুপেটিয়া...

July 17, 2024 8:48 PM

views 22

ৰাজ্যত জাপানীজ এনচেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি, দেৰগাঁৱত এজনৰ মৃত্যু

ৰাজ্যৰ কেইবাটাও অঞ্চলত জাপানীজ এনচেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ ঘটিছে। শেহতীয়াকৈ এই ৰোগত গোলাঘাট জিলাৰ দেৰগাঁৱৰ এজন লোকৰ মৃত্যু হয়। কর্মসূত্ৰে নুমলীগড়ত বাস কৰা লোকজনে কিছুদিনৰ পূৰ্বৰ পৰা তীব্ৰ জ্বৰ আৰু মূৰৰ বিষত ভুগি আছিল। উল্লেখযোগ্য যে বগলী আৰু কণামুচুৰীৰ দৰে চৰাই এই ভাইৰাছৰ মুখ্য বাহক। অতিপাত জ্বৰ, মূৰৰ বিষ, অপ্ৰাসংগিক আৰু বিভ্ৰান্ত হোৱা, সংজ্ঞাহীনতা, শৰীৰৰ অস্বাভাৱিক কঁপনি আৰু শুদ্ধভাৱে কথা ক'বলৈ অসমৰ্থ হোৱা এই জাপানীজ এনচেফেলাইটিছৰ প্ৰধান লক্ষণ ৷ তাৎক্ষণিক চিকিৎসাৰ দ্বাৰা এই ৰোগৰ পৰা জীৱন ৰক্ষা...